মাণিকপুৰ : মাণিকপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য। দুটাকৈ ড্ৰাগছ বিৰোধী অভিযান চলাই মাণিকপুৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী।
মানিকপুৰ আৰক্ষীৰ জালত পৰিছে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। দেওবাৰে মানিকপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত দুটাকৈ ড্ৰাগছ বিৰোধী অভিযান চলাই এই সাফল্য লাভ কৰে। মানিকপুৰৰ নোৱাগাঁৱত আৰু লুংঝাৰত অভিযান চলাই তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
লগতে পঢ়ক – আজিৰে পৰা তামুলপুৰত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশন
নোৱাগাঁৱত অভিযান চলাই আৰক্ষীয়ে জাকিৰ হুছেইন আৰু সাহাবুদ্দিনক নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক ৪৫.৮৩ গ্ৰাম ড্ৰাগছসহ আটক কৰে। আনহাতে লুংঝাৰত আটক কৰে অনিল কৰ নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক। অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।