নিউজ ডেস্ক : বুধবাৰে নিশাৰ ভাগত মণিপুৰত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত নিহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে । বৰ্তমানেও বহু লোক সন্ধানহীন। উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে সেনা বাহিনীয়ে।

মণিপুৰত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় বুধবাৰে নিশাৰ ভাগত। মণিপুৰৰ ননি জিলাত টেৰিটৰয়েল আৰ্মীৰ কেম্পৰ ওপৰত পাহাৰ খহি পৰাত টেৰিটৰয়েল আৰ্মীৰ দুজন লোকৰ মৃতদেহ উদ্ধাৰ হয় যদিও বহু লোক সন্ধানহীন হৈ আছিল। শনিবাৰ পুৱাৰ ভাগলৈকে ২০ জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

নিশা সংঘটিত হোৱা ভূমিস্খলনৰ পিছতে মাটিৰ তলৰ পৰা কেইবাজনো লোকক উদ্ধাৰ কৰা কৰা হয় যদিও এই ঘটনাত বৰ্তমানলৈকে ২০ জনৰ মৃত্যু হৈছে। সন্ধানহীন লোক সকলক উদ্ধাৰ কৰাৰ বাবে মণিপুৰ আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

বৰ্তমানলৈকে মৃত্যু হোৱা ২০ জন লোকৰ ভিতৰত ১৫ জন সেনাৰ জোৱান বুলি জানিব পৰা গৈছে। এতিয়াও প্ৰায় ৪৪ জনকৈ লোক সন্ধানহীন হৈ থকা বুলি আশংকা প্ৰকাশ কৰা হৈছে। নিহত সকলৰ ভিতৰত কেইবাজনো অসমৰ লোক আছে। উল্লেখ্য যে নেৰা নেপেৰা বৰষুণৰ ফলত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।

লগতে পঢ়ক –  মহানগৰী গুৱাহাটীৰ বশিষ্ঠত ভয়ংকৰ অগ্নিকাণ্ড

আহত লোক সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী এন বীৰেন সিং। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে নিহত সকলক ৫ লাখ আৰু আহত সকলক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply