গুৱাহাটী : নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ কনিষ্টবল। বৃহৎ পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেটসহ গুৱাহাটী আৰক্ষীৰ জালত পৰিছে মণিপুৰ আৰক্ষীৰ এজন কনিষ্টবল। মণিপুৰৰ পৰা য়াবা টেবলেটখিনি এখন বাহনেৰে লৈ আছিল মণিপুৰ আৰক্ষীৰ কনিষ্টবলজন।
গুৱাহাটী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আন এক বৃহৎ সাফল্য। এক গোপন খবৰৰ ভিত্তিত গুৱাহাটী আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেটসহ মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ ভিতৰত এজন মণিপুৰ আৰক্ষীৰ কনিষ্টবল।
বশিষ্ঠ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্পল গয়াৰী আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন বাহনৰ পৰা জব্দ কৰে প্ৰায় ২০ কোটি টকাৰ য়াবা টেবলেট। টেবলেটখিনিৰ লগতে আৰক্ষীয়ে মণিপুৰৰ লেটমিন সিং হাউকিব আৰু থাউখুগিং হাউকিব নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ৪ খন জিলাৰ ৩৫ খন গাঁও জলমগ্ন হৈ আছে
ইয়াৰে লেটমিন সিং হাউকিব মণিপুৰৰ আৰক্ষীৰ এজন কনিষ্টবল। লেটমিন সিং হাউকিব আৰু থাউখুগিং হাউকিব সম্পৰ্কত খুড়া আৰু ভতিজা। দুয়ো খুড়া আৰু ভতিজাই নিচাযুক্ত য়াবা টেবলেটখিনি মণিপুৰৰ পৰা আনি অসমৰ মাজেৰে বেংগালুৰুলৈ সৰবৰাহ কৰাৰ কথা আছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে।