নিউজ ডেস্ক: বুধবাৰে মণিপুৰৰ চুৰাচান্দপুৰত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত হয় ব্যাপক হিংসাত্মক ঘটনা। প্ৰতিবাদী সমদলক বাধা দিবলৈ যোৱা আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় একাংশ উত্তেজিত প্ৰতিবাদকাৰী।

উল্লেখযোগ্য যে মঙলবাৰে নতুন দিল্লীত মণিপুৰৰ মানৱ অধিকাৰ কৰ্মী ড০ মাৰ্ক থাংমাং হাওকিপক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাত আজি মণিপুৰৰ চুৰাচান্দপুৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছিল।

হাওকিপক তৎকালীনভাৱে মুকলি কৰি দিয়াৰ দাবীত চুৰাচান্দপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ অভিমুখে গৈ থকা এটা প্ৰতিবাদী সমদলক নিৰাপত্তা বাহিনীয়ে বাধা দিয়াৰ সময়ত পৰিস্থিতি উত্তেজিত হৈ পৰে।

প্ৰতিবাদকাৰীসকলে নিৰাপত্তা বাহিনীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। অৱশ্যে, চুৰাচান্দপুৰ আৰক্ষীয়ে জনোৱা মতে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। 

পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ চুৰাচান্দপুৰত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰা কৰিছে। উল্লেখযোগ্য যে মঙলবাৰে নতুন দিল্লীত ড০ মাৰ্ক থাংমাং হাওকিপক তেওঁৰ বিৰুদ্ধে থকা এটা পুৰণি গোচৰত প্ৰেৰণ কৰা চমনৰ কোনো উত্তৰ নিদিয়াৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক – ১১লাখ টকা খৰছ কৰি নিজৰ ৰূপ সলনি কৰি ‘কুকুৰ’ৰ ৰূপ ল’লে যুৱকে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply