নিউজ ডেস্ক: যোৱা কিছুদিন ধৰি মণিপুৰত সংঘটিত হোৱা জাতিগত হিংসাত ৬০ জন লোক নিহত, ২৩১ জন আহত আৰু ধৰ্মীয় স্থানসহ ১,৭০০ টা বাসগৃহ জ্বলে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সোমবাৰে এক সংবাদ মেল জৰিয়তে কয়।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কয় যে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুযায়ী জাতিগত হিংসাত মৃত্যু হোৱা মৃতকৰ পৰিয়ালক ৫ লাখ টকা, অধিক আঘতপ্ৰাপ্ত লোকক ২ লাখ টকা আৰু সামান্য আঘাত প্ৰাপ্ত লোকক ২৫,০০০ টকাৰ অনুদান প্ৰদান কৰিব।

মুখ্যমন্ত্ৰীয়ে এই হিংসাত্মক ঘটনাটো এক দুৰ্ভাগ্যজনক বুলি আখ্যা দি কয় যে, যিসকলৰ ঘৰ ধ্বংস হৈছে তেওঁলোকৰ বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ২ লাখ টকা অনুদান আগবঢ়াব।

ইফালে তেওঁ কয়, মানুহৰ জীৱন মূল্যৱান আৰু তেওঁলোকৰ ঘৰ আৰু সম্পত্তি ধ্বংস কৰাটো গ্ৰহণযোগ্য কৰা নহ’ব। লগতে তেওঁ জনাই যে, সাহায্য শিবিৰত আৱদ্ধ হৈ থকা প্ৰায় ২০,০০০ লোকক সোমবাৰলৈকে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু বাকী থকা প্ৰায় ১০,০০০ আৱদ্ধ লোকক যিমান সোনকালে সম্ভৱ সুৰক্ষিত স্থানলৈ লৈ যোৱা হ’ব।

হিংসাত্মক আন্দোলনকাৰী সকলকে নিৰাপত্তা বাহিনী জোৱানসকলৰ পৰা ১০৪১ টা বন্দুক বলেৰে কাঢ়ি নিছিল, তাৰে ভিতৰত সোমবাৰলৈকে ২১৪ টা বন্দুক উদ্ধাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনাই। উদ্ধাৰ নোহোৱা বন্দুক বোৰ নিকটতম আৰক্ষী চকীলৈ ঘূৰাই দিবলৈ আন্দোলকাৰী সকলক মুখ্যমন্ত্ৰীয়ে কয়। বন্দুকবোৰ উদ্ধাৰৰ বাবে চৰকাৰে Mass Combing Operation আৰম্ভ কৰা হ’ব বুলিও জনাই।

ইফালে, মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে জনাই যে, মণিপুৰৰ পৰিস্থিতি দ্ৰুতগতিত স্বাভাৱিক হৈ আহিছে। ইয়াৰোপৰি তেওঁ কয়, হিংসাত্মক ঘটনাৰ সৈতে জড়িত ২১৮ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

লগতে পঢ়ক – প্ৰৱঞ্চকৰ ৰোষত পৰি অসমৰ ৮৫ জন শ্ৰমিক অৰুণাচলী ঠিকাদাৰৰ ওচৰত আৱদ্ধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply