নিউজ ডেস্ক: অলিম্পিকত ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মিৰাবাই চানুয়ে চলিত বৰ্ষৰ শেষৰফালে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গে’মছত ৫৫ কেজি শাখাত অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে ৫৫ কেজি শাখাত এইয়া চানুৰ প্ৰথমখন প্ৰতিযোগিতা হ’ব।

ইয়াৰ পূৰ্বে ৪৯ কেজি শাখাত যথেষ্ট সফলতা অৰ্জন কৰা চানুয়ে বিগত বৰ্ষত অনুষ্ঠিত টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছিল। তাৰ পূৰ্বে তেওঁ ২০১৭ চনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বত ৪৮ কেজি শাখাত স্বৰ্ণ আৰু ২০১৪ আৰু ২০১৮ চনত অনুষ্ঠিত কমনৱেল্থ গে’মছত ৰূপ আৰু স্বৰ্ণ পদক লাভ কৰিছিল।

২৭ বছৰীয়া মিৰাবাই চানুৰ যোৱা বছৰ কমনৱেল্থত ৰূপৰ পদক অৰ্জন কৰা চৰোখাইবাম বিন্দ্যাৰাণীৰ তুলনাত এইবাৰ ৫৫ কেজি শাখাত স্বৰ্ণ অৰ্জন কৰাৰ অধিক সম্ভাৱনা আছে বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি ভাৰতৰ ভাৰোত্তোলক ফেডাৰেচন আৰু মুখ্য প্ৰশিক্ষক বিজয় শৰ্মাই জানিবলৈ দিয়ে।

‘আমাৰ ওচৰত এইবাৰ ৪-৫ টা পদক অৰ্জন কৰাৰ সুযোগ আছে, সেইবাবে মই ৫৫ কেজি শাখাত ভাগ লোৱাৰ সিদ্ধান্ত হয় যাতে এইটো শাখাতো আমি এটা সোণ পাব পাৰো’ চানুয়ে কয়।

লগতে পঢ়ক –  নিবনুৱা যুৱক-যুৱতীৰ বাবে ভাল খবৰঃ RBIত ওলাইছে এছিছটেন্টৰ চাকৰি…

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply