নিউজ ডেস্কঃ দিল্লীৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াই তেওঁৰ পত্নী সীমা চিছোদিয়াক ১০৩ দিনৰ পিছত লগ কৰে। সীমাই মাল্টিপল স্ক্লেৰোচিছ নামৰ ৰোগৰ সৈতে যুঁজি আছে। চিছোদিয়াক দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ পত্নীক লগ কৰাৰ বাবে সাত ঘণ্টাৰ জামিন প্ৰদান কৰিছিল।
বৈঠকৰ পিছত, সীমাই অভিযোগ কৰে যে, মনীষ চিছোদিয়াৰ সৈতে পাৰ কৰা সাত ঘণ্টাৰ সময়ত আৰক্ষী তেওঁলোকৰ শোৱনি কোঠাৰ দুৱাৰত বহি আছিল। আৰক্ষীয়ে তেওঁলোকৰ ওপৰত নিৰন্তৰ চকু ৰাখিছিল আৰু তেওঁলোকে পতা কথাবোৰ শুনি আছিল। সীমাই এক ফেচবুক পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে।
উল্লখ্য যে, সুৰা নীতিৰ গোচৰৰ সন্দৰ্ভত ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ বৰ্তমান দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে।
সীমাই কয়, তেওঁৰ শুভাকাংক্ষীসকলে তেওঁক ৰাজনীতিত যোগদান নকৰিবলৈ কৈছিল,
সীমাই পোষ্টটোত লিখে যে, যেতিয়া আম আদমী পাৰ্টি গঠন কৰা হৈছিল, তেতিয়া বহুতো শুভাকাংক্ষীয়ে ৰাজনীতিত জড়িত নহ’বলৈ কৈছিল। তেওঁলোকে কৈছিল, ইতিমধ্যে ইয়াত বহি থকা মানুহে আপোনাক কাম কৰিবলৈ নিদিয়ে আৰু পৰিয়ালটোক বেলেগ ধৰণে বিচলিত কৰিব। কিন্তু মনীষ অটল আছিল।
তেওঁ অৰবিন্দ কেজৰিৱাল আৰু আন সকলৰ সৈতে দল গঠন আৰু কাম কৰিছিল যাৰ বাবে ৰাজনীতি কৰা লোকসকলক শিক্ষা, স্বাস্থ্য, বিদ্যুত আৰু পানীৰ বিষয়ে কথা পাতিবলৈ বাধ্য কৰাই।
চিছোদিয়াই কাৰাগাৰত বিশ্বৰ শিক্ষাৰ ইতিহাসৰ বিষয়ে পঢ়িছে,
সীমাই লগতে লিখে, মনীষে ১০৩ দিন ধৰি মজিয়াত শুই আছে। মহ, পোক-পতংগ, গৰম যিয়েই নহওঁক, শিক্ষাৰ জৰিয়তে দেশ গঢ়ি তোলাৰ সপোন এতিয়াও তেওঁৰ চকুত আছে। তেওঁ যোৱা তিনি মাহত বিশ্বৰ বিভিন্ন ঠাইৰ শিক্ষাৰ ইতিহাসৰ বিষয়ে পঢ়িছে। “এখন দেশৰ কোন নেতাই কি দৰে শিক্ষাৰ কাম কৰিছে আৰু সেই দেশখন আজি ক’ত উপনীত হৈছে ? ভাৰতত শিক্ষাৰ ক্ষেত্ৰত কি ভাল কৰা হৈছে আৰু কিহৰ অভাৱ আছে?” আজি আমি লগ হোৱাত তেওঁ মো স্বাস্থ্য খবৰ লোৱাৰ লগতে এইবোৰৰ বিষয়েও কয়।
উল্লেখ্য যে, চিছোদিয়াই তেওঁৰ পত্নীৰ স্বাস্থ্যৰ অৱস্থাৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা ছয় সপ্তাহৰ জামিন বিচাৰিছিল। আদালতে তেওঁৰ আবেদন খাৰিজ কৰিছিল। ন্যায়াধীশ দিনেশ শৰ্মাই কৈছিল যে, অভিযোগবোৰ অতি গুৰুতৰ প্ৰকৃতিৰ সেয়েহে তেওঁলোকক ছয় সপ্তাহৰ বাবে মুকলি কৰাটো কঠিন আছিল। অৱশ্যে আদালতে নিৰ্দেশ দিছিল যে মনীষ চিছোদিয়াই যিকোনো এটা দিনত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত তেওঁৰ পত্নীক ঘৰত বা চিকিৎসালয়ত লগ কৰিব পাৰে।
লগতে পঢ়ক – মানহানিৰ গোচৰত অভিযুক্ত কেজৰিৱাল পুনৰ আদালতত অনুপস্থিত