নিউজ ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ে ইডি গোচৰত মনীষ চিছোদিয়াৰ জামিন আবেদন নাকচ কৰে। ন্যায়াধীশ দিনেশ শৰ্মাই কয় যে, অভিযোগবোৰ অতি গুৰুতৰ সেয়েহে তেওঁক ছয় সপ্তাহৰ বাবে তেওঁক মুকলি কৰাটো কঠিন হ’ব।

চিছোদিয়াই তেওঁৰ পত্নী সীমা চিছোদিয়াৰ দুৰ্বল স্বাস্থ্যৰ কথা উল্লেখ কৰি তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ ভিত্তিত জামিনৰ বাবে আবেদন কৰিছিল। গোচৰটোৰ ৰায় শনিবাৰে সংৰক্ষিত আছিল।

উক্ত ৰায়টো ঘোষণা কৰাৰ সময়ত, আদালতে কয় যে মনীষ চিছোদিয়াৰ পত্নীৰ স্বাস্থ্যৰ কথা বিবেচনা কৰি, সীমা চিছোদিয়াক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। চিকিৎসা ক’ত কৰিব সেয়া পৰিয়ালৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰিব। অৱশ্যে, আদালতে পৰামৰ্শ দিয়ে যে, এইমছৰ চিকিৎসকৰ এখন বোৰ্ডে তেওঁক পৰীক্ষা কৰিব পাৰে।

আদালতে লগতে নিৰ্দেশ দিয়ে যে, মনীষ চিছোদিয়াই তেওঁৰ পত্নীক পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত লগ কৰিবলৈ তেওঁৰ ঘৰ বা চিকিৎসালয়লৈ লৈ যাব পাৰিব যিদ সীমা চিছোদিয়াই বিচাৰে। লগতে আদালতে আৰক্ষী আয়ুক্তক নিৰ্দেশ দিয়ে যে, মনীষ চিছোদিয়াই পত্নীক লগ কৰিবলৈ গ’লে যাতে সংবাদ মাধ্যম ঘৰ বা চিকিৎসালয়ৰ বাহিৰত উপস্থিত নাথাকে।

উল্লেখ্য যে, শনিবাৰে দিনটোৰ কাৰণে জামিন পোৱাৰ পাছতো চিছোদিয়াই তেওঁৰ অসুস্থ পত্নীক লগ কৰিব নোৱাৰিলে। ৰাতিপুৱা তেওঁৰ পত্নী সীমা চিছোদিয়াক লগ কৰিবলৈ ঘৰত উপস্থিত হৈছিল। অৱশ্যে, তেওঁ গৈ পোৱাৰ আগতে পত্নীৰ অৱস্থাৰ অৱনতি ঘটিছিল যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আদালতে চিচোদিয়াক চিকিৎসালয়লৈ যাবলৈ অনুমতি দিয়া নাছিল। জামিন পোৱাৰ পিছতো চিছোদিয়াই তেওঁৰ পত্নীক লগ কৰিব নোৱাৰিলে আৰু সাত ঘণ্টা পিছত তিহাৰ কাৰাগাৰলৈ উভতি আহিল।

লগতে পঢ়ক – আজিৰে পৰা ছবিগৃহত মুকলি হ’ব ৰবি শৰ্মাৰ অভিনীত শ্ৰী ৰঘুপতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply