নিউজ ডেস্ক: বুধবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদনৰ ৰায় ২৮ এপ্ৰিললৈ স্থগিত ৰাখে।
একে সময়তে, চিবিআই গোচৰত জামিন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানিৰ সময়ত, বিচাৰপীঠে চিবিআইক কয় যে, যদি আপোনালোকৰ ওচৰত প্ৰমাণ আছে, তেন্তে আমাকো দেখুৱাওক। উক্ত বিষয়টোৰ ওপৰত আদালতে বৃহস্পতিবাৰে আবেলি ২.৩০ বজাৰ পৰা শুনানি ল’ব বুলি কয়।
দিল্লী উচ্চ ন্যায়ালয়ত চিবিআইৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেলে যুক্তি দিছিল যে, ‘চিছোদিয়া জনসাধাৰণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পৰাকৈ তেওঁ সক্ষম। যিদিনা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, তেওঁ সেইদিনা নিজৰ ফোনটো ভাঙি পেলাইছিল’।
এই সন্দৰ্ভত, আদালতে প্ৰশ্ন কৰে যে, ‘আপোনাৰ ওচৰত প্ৰমাণ আছে নেকি?’ ইয়াৰ প্ৰত্যুত্তৰত, অতিৰিক্ত ছলিচিটৰ জেনেৰেল কয় যে, ‘চিছোদিয়াই এই বিষয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে’।
উক্ত সন্দৰ্ভত আদালতে প্ৰমাণ বিচাৰিছিল আৰু কৈছিল যে ‘জামিন পৰ্যায়ত আমি অত্যাধিক বিৱৰণলৈ যাব নোৱাৰো। আপুনি প্ৰমাণ দেখুৱাওক। যিবোৰৰ ওপৰত আপুনি নিজে নিৰ্ভৰ কৰি আছে’।
লগতে পঢ়ক – ৩ মে’ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২১ সংখ্যক দীক্ষান্ত সমাৰোহ