নিউজ ডেস্কঃ দিল্লীসুৰা নীতি গোচৰত অভিযুক্ত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই শুকুৰবাৰে তিহাৰৰ পৰা দেশলৈ এখন পত্ৰ লিখে। ইয়াত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।
“মোডীয়ে গৌৰৱেৰে কয় যে তেওঁ কেৱল এখন গাওঁৰ বিদ্যালয়লৈকে শিক্ষা লাভ কৰিছিল। মানুহে কোম্পানীটোত এজন মেনেজাৰ ৰখাৰ বাবে শিক্ষিত লোক বিচাৰে। দেশৰ আটাইতকৈ ডাঙৰ মেনেজাৰ জন শিক্ষিত হোৱা উচিত নহয় নেকি”? বুলি চিছোদিয়াই চিঠিৰ জৰিয়তে লিখে।
লগতে তেওঁ লিখে যে, “আজি আমি একবিংশ শতিকাত জীয়াই আছোঁ। বিশ্বজুৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত প্ৰতিদিনে নতুন অগ্ৰগতি কৰা হৈছে। গোটেই পৃথিৱীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে কথা পাতি আছে। এনে পৰিস্থিতিত, যেতিয়া মই প্ৰধানমন্ত্ৰীক কোৱা শুনো যে লেতেৰা নলাত পাইপ লগাই লেতেৰা নলাৰ গেছৰ পৰা চাহ বা খাদ্য তৈয়াৰ কৰিব পাৰি। তেতিয়া মোৰ হৃদয় খন ভাঙি পৰে। নলাৰ লেতেৰা গেছৰ পৰা খাদ্য ৰান্ধিব পাৰিনে? নোৱাৰি!”
“যেতিয়া প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাডাৰে ডাৱৰৰ পিছফালে উৰি থকা এখন জাহাজ ধৰিব নোৱাৰে, তেতিয়া তেওঁ সমগ্ৰ বিশ্বতে হাঁহিৰ বিষয় হৈ পৰে। বিদ্যালয় আৰু মহাবিদ্যালয়ত পঢ়ি থকা শিশুৱে তেওঁ উপহাস কৰে। এনে ধৰণৰ মন্তব্য দেশৰ বাবে অতি ভয়ংকৰ জনক”, চিছোদিয়াই লিখে।
ইফালে চিছোদিয়াই বিদেশ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ সন্দৰ্ভত লিখে যে, “যেতিয়া আন দেশৰ ৰাষ্ট্ৰ প্ৰধানসকলে প্ৰধানমন্ত্ৰীক আলিঙ্গন কৰে তেতিয়া তেওঁলোকে প্ৰতিটো আলিঙ্গনৰ বাবত যথেষ্ট মূল্য লৈ আঁতৰি যায়। ইয়াৰ বিনিময়ত তেওঁলোকে বহুতো কাগজত স্বাক্ষৰ কৰাই লয়, কিয়নো প্ৰধানমন্ত্ৰীয়ে বুজি নাপায় কাৰণ তেওঁ কম শিক্ষিত”।

আৰু লগতে কয় যে, “মই প্ৰধানমন্ত্ৰীৰ এটা ভিডিঅ’ দেখিছিলো, য’ত তেওঁ গৌৰৱেৰে কৈছে যে তেওঁ শিক্ষিত নহয়। তেওঁ কেৱল গাওঁৰ বিদ্যালয়লৈকে শিক্ষা লাভ কৰিছিল। নিৰক্ষৰ বা কম শিক্ষিত হোৱাটো গৌৰৱৰ বিষয় নেকি ? যিখন দেশত প্ৰধানমন্ত্ৰীয়ে কম শিক্ষিত বুলি গৌৰৱান্বিত, সেই দেশত কেতিয়াও সাধাৰণ মানুহৰ সন্তানৰ বাবে ভাল শিক্ষাৰ ব্যৱস্থা কৰা নহ’ব। শেহতীয়া বছৰবোৰত 60,000 চৰকাৰী বিদ্যালয় বন্ধ হোৱাটো ইয়াৰ এক জীৱন্ত প্ৰমাণ। এনেকুৱা হ’লে মোৰ ভাৰতে কেনেদৰে আগবাঢ়িব?”
উল্লেখযোগ্য যে, মনীষ চিছোদিয়া বৰ্তমান সুৰা নীতিৰ গোচৰত চিবিআই আৰু ইডি জিম্মাত আছে। তেওঁ বৰ্তমান তিহাৰ জেলত বন্দী হৈ আছে। তেওঁ ৰাউজ এভিনিউ আদালত আৰু দিল্লী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আপীল কৰিছে। মানি লণ্ডাৰিং গোচৰৰ জামিনৰ শুনানি ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব। আদালতে তেওঁৰ ন্যায়িক জিম্মাত ১৭ এপ্ৰিললৈ বৃদ্ধি কৰিছে।
লগতে পঢ়ক – আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত “আয়ুস প্ৰদৰ্শনী”