হাটশিঙিমাৰী : দেশজুৰি স্বাধীনতা দিৱসৰ ৭৫ তম বৰ্ষপূতি উপলক্ষে আজাদি কা অমৃত মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলি আছে। ৭৬ তম স্বাধীনতা দিৱস আৰু ৭৫ তম বৰ্ষপূতি উপলক্ষে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি।
জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এইবাৰ ১১ টা পেৰেড দলে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱস উপলক্ষে মাছ পাছৰ বাবে পুৱা আৰু গধূলি আখৰা চলাই থকা হৈছে। শুকুৰবাৰে মাছ পাছৰ আখৰা পৰ্যবেশনৰ বাবে জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ প্ৰস্তুতি পৰ্যবেক্ষণ কৰে।
লগতে পঢ়ক – বিধায়ক প্ৰশান্ত ফুকনক কংগ্রেছত যোগদানৰ আহ্বান দেবব্রত শইকীয়াৰ
ইফালে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত তথা অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তবৰ্তী জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটিয়া কৰি তোলা হৈছে বুলি জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে জানিবলৈ দিয়ে। ইফালে হৰ ঘৰ ত্ৰিৰঙা কাৰ্যসূচী সফলভাৱে ৰূপায়ন কৰিবলৈ জিলাখনত প্ৰশাসনৰ ফালৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।