মানকাচৰ : মানকাচৰৰ দিয়াৰাত ভয়ংকৰ পথ দুর্ঘটনা। যাত্ৰীবাহী টেম্পুক খুন্ধিয়ালে এখন পিক আপ ভেনে। গুৰুত্বৰভাৱে আহত টেম্পুখনৰ ৯ জন যাত্ৰী।
শুকুৰবাৰে মানকাচৰৰ দিয়াৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। পিক আপ ভেনৰ খুন্দাত এখন যাত্ৰীবাহী টেম্পু পুখুৰীত সুমাই ৯ জনকৈ লোক আহত হয়।
আহত সকলৰ ভিতৰত টেম্পুখনৰ চালক আৰু এগৰাকীৰ যুৱতীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
আহত টেম্পু চালকজনৰ নাম ছহিদূৰ ইছলাম। আনহাতে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা যুৱতী গৰাকীৰ নাম হাচীনা খাতুন। দুয়োখন বাহন হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ আছিল।