মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত আৰক্ষীৰ ড্ৰাগছ আৰু জুৱা বিৰোধী অভিযান। মানকাচৰ আৰক্ষীয়ে দুটাকৈ অভিযান চলাই ৬ জনক গ্ৰেপ্তাৰ কৰে। মানকাচৰৰ নিউ মাৰ্কেটত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনি ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰাৰ লগতে জোৰডাঙ্গাত তিনিজন তীৰ কাউণ্টাৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

বুধবাৰে মানকাচৰ আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তবৰ্তী নিউ মাৰ্কেটত এক ড্ৰাগছৰ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনিজন ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰে। বিয়লিৰ ভাগত পুনৰ আৰক্ষীয়ে জোৰডাঙ্গা বজাৰত জুৱাৰ বিৰুদ্ধে আন এক অভিযান চলাই তিনিজনকৈ তীৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তীৰ ব্যৱসায়ী কেইজনৰ পৰা তীৰ বিক্ৰীৰ বহু সামগ্ৰীও জব্দ কৰে।

মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপালি বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত মানকাচৰৰ নিউ মাৰ্কেটত ড্ৰাগছৰ বিৰোধী অভিযান চলায়। অভিযানকালত নিউ মাৰ্কেটত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা তিনি ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে ইতিমধ্যে তিনিও ড্ৰাগছ ব্যৱসায়ীক জেৰা চলাই গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে জোজ মিঞা, ছাইদুল ইছলাম আৰু ছাইফুল ইছলাম বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – ডলু চাহ বাগিচা, গুৱাহাটীৰ শিলসাকোঁৰ উচ্ছেদৰ বিৰুদ্ধে বোকাখাতত ঐক্যবদ্ধ প্ৰতিবাদ

ড্ৰাগছ ব্যৱসায়ী তিনিজনৰ পৰা ৭২০ টা এছ পি স্পেন নিচাযুক্ত টেবলেট, ১০০ টা নাইট্ৰছাম টেবলেট আৰু ২৮ বটল নিচাযুক্ত কফ স্বীৰাফ জব্দ কৰে আৰক্ষীয়ে। ইফালে মানকাচৰ আৰক্ষীয়ে জোৰডাঙ্গা বজাৰত জুৱাৰ বিৰুদ্ধে আন এক অভিযান চলাই তিনি তীৰ ব্যৱসায়ীক তীৰ বিক্ৰীৰ সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে। ধৃত তীৰ ব্যৱসায়ী কেইজন ক্ৰমে ফিৰোজ মিঞা, আলম মিঞা আৰু হাচিবুল ইছলাম।বৃহস্পতিবাৰে পুৱাৰ ভাগত হাটশিঙিমাৰী আদালতত হাজিৰ কৰোৱা হ’ব ধৃত লোক সকলক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply