মানকাচৰ : মানকাচৰত আৰক্ষীৰ মটৰ চাইকেল ৰেলী। অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠান উপলক্ষে মানকাচৰত আৰক্ষীৰ মটৰ চাইকেল ৰেলী।
অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠান উপলক্ষে শনিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আৰক্ষীৰ মটৰ চাইকেল ৰেলী। হাটশিঙিমাৰীত পৰা মানকাচৰৰ চহৰলৈ ২২ কিলোমিটাৰ মটৰ চাইকেল ৰেলী উলিওৱা হয়।
জিলাখনৰ দুই শতাধিক আৰক্ষী, গৃহৰক্ষী জোৱান আৰু গাঁওৰক্ষী বাহিনীয়ে এই ৰেলীত অংশগ্ৰহণ কৰে। জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল মটৰ চাইকেল ৰেলীৰ শুভাৰম্ভ কৰাৰ পিছত হাটশিঙিমাৰীৰ পৰা মানকাচৰলৈ যাত্ৰা আৰম্ভ কৰা হয়।
লগতে পঢ়ক – বিলাসীপাৰাত ৰে’লৰ খুন্দাত নিহত পিতা-পুত্ৰ
জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া নিজে মটৰ চাইকেল চলাই ৰেলীত অংশগ্ৰহণ কৰে। মানকাচৰৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো আৰক্ষীয়ে অনুৰূপ ধৰণে মটৰ চাইকেল ৰেলী উলিয়াই।