নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ ১০০ টা খণ্ড হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী। দেশজুৰি চলিছে এতিয়া ক্ষীপ্ৰতাৰে প্ৰস্তুতি।
জানিব পৰা অনুসৰি, তেনে সময়তে ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰটো দেখা গৈছে প্ৰস্তুতি। মন কী বাত কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰংঘৰৰ চৌহদত কিছু ৰূপ সজ্জা নিৰ্মাণ কৰা দেখা গৈছে আৰু প্ৰজেক্টৰৰ দ্বাৰা ৰংঘৰত লাইট শ্ব’ দেখুৱাৰ বাবে প্ৰস্তুতি এতিয়া সমাপ্ত কৰিছে।

লাইট শ্ব’ ৰ আগতীয়াকৈ কিছুমান ফটোত দেখা গৈছে যে, লাইট শ্ব’ৰ জৰিয়তে ধৰ্মীয় চিহ্নৰ প্ৰতিফলন ঘটোৱা হৈছে।
ইফালে, শুক্ৰবাৰে নিশা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিজা ফেচবুক একাউণ্টৰ জৰিয়তে এক পোষ্ট জৰিয়তে লিখে যে, “ৰংঘৰৰ দৰে জাতীয় সম্পদ এটাত চৰকাৰে জাতিৰ স্বাভিমানত আঘাত পৰা কোনো কাম নকৰা ভাল। মই সংশ্লিষ্ট সকলো পক্ষক জাতিৰ স্বাভিমানত হাত নিদিবলৈ আহ্বান জনালো”।

লগতে, বিধায়ক অখিল গগৈৰ ফেচবুক পোষ্টটোৰ কমেন্টত এক মিশ্ৰত প্ৰতিক্ৰিয়া দেখা গৈছে যদিও সৰহ ভাগেই কিন্তু এই কাৰ্যসূচীক পচন্দ কৰা নাই।
লগতে পঢ়ক – বিজেপিৰ সাংসদ তথা WFI মুৰব্বী ব্ৰিজ ভূষণৰ বিৰুদ্ধে দুটাকৈ গোচৰ পঞ্জীয়ন