নিউজ ডেস্ক: আয়ুষ মন্ত্ৰালয়ে শুক্ৰবাৰে আয়ুষ খণ্ডৰ ওপৰত মন কি বাতৰ প্ৰভাৱ ওপৰত গুৰুত্ব দি কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদৰ (চিচিআৰএএছ) চৰকাৰী গৱেষণা পত্ৰিকা জাৰ্নেল অফ ৰিচাৰ্ছ ইন আয়ুৰ্বেদিক বিজ্ঞান (জেআৰএএছ) আলোচনীখনৰ এক বিশেষ সংস্কৰণ মুকলি কৰে। আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আয়ুষ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত আলোচনীখনৰ বিশেষ সংস্কৰণ মুকলি কৰে।

ভাষণত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ সংলাপে আয়ুষক ইতিবাচক আত্মবিশ্বাস প্ৰদান কৰাত সহায়ক হৈছে, ইয়াৰ উদ্ভাৱনী মূলক আৰু অনন্য কথোপকথনশৈলীৰ সৈতে, এই ৰেডিঅ’ অনুষ্ঠানটোৱে নিজৰ বাবে এক বিশেষ স্থান গঢ়ি তুলিছে আৰু সম্প্ৰদায়সমূহৰ মাজত জনপ্ৰিয় হৈ পৰিছে”।

উল্লেখযোগ্য যে, ‘মন কি বাত’ৰ প্ৰায় ৩৭ টা খণ্ডত আয়ুষৰ কথা উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ, যোগাভ্যাস কৰিবলৈ, প্ৰমাণ-আধাৰিত আয়ুৰ্বেদ গ্ৰহণ কৰিবলৈ আৰু তেওঁলোকৰ জীৱনশৈলীত আয়ুৰ্বেদ জীৱন শৈলী আত্মস্থ কৰিবলৈ আহ্বান জনাইছিল।

লগতে, আয়ুষ খণ্ডৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ ফলত কেৱল ভাৰততে নহয়, বিশ্বব্যাপী পৰম্পৰাগত ভাৰতীয় ঔষধ ব্যৱস্থাৰ লাভালাভ সম্পৰ্কে সজাগতা বৃদ্ধি পাইছে।

আলোচনীখনৰ বিশেষ সংস্কৰণত আয়ুষ খণ্ডৰ ওপৰত ‘মন কি বাত’ৰ প্ৰভাৱ আৰু আয়ুষ কেনেদৰে দেশৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি আৰু স্বাস্থ্য ৰণনীতিৰ এক মৌলিক স্তম্ভ হৈ পৰিছে তাৰ ওপৰত আলোকপাত কৰা হৈছে। নীতি আৰু জনস্বাস্থ্য, বিজ্ঞান আৰু প্ৰমাণ, স্বাস্থ্য শিক্ষা আৰু সজাগতা, যোগ আৰু ফিটনেছ (জীৱনশৈলী, ব্যায়াম, খাদ্য, পুষ্টি), কৰোনাৰ বিৰুদ্ধে যুদ্ধ, উদ্যোগ আৰু শিক্ষা খণ্ডৰ সহযোগিতা আৰু বিশ্বায়ন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আদি সাতটা সাম্ভাব্য ক্ষেত্ৰত বিশিষ্ট বিশেষজ্ঞৰ মুঠ ২৪ টা প্ৰবন্ধ লিখা হৈছে।

লগতে পঢ়ক – ৰংঘৰত মন কী বাতৰ ১০০ খণ্ডৰ বাবে প্ৰস্তুতি, জাতিৰ স্বাভিমানত হাত নিদিবলৈ আহ্বান- অখিল গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply