নিউজ ডেস্ক: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২৬ এপ্ৰিল, ২০২৩ তাৰিখে নতুন দিল্লীত মন কী বাত সন্দৰ্ভত এখন দিনজোৰা ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ উপস্থিতিত সন্মিলনখন উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনকৰে পুৱা ১০ বজাত উদ্বোধন কৰিব। উল্লেখ্য যে দেশৰ ১০০কটিৰো অধিক নাগৰিকক স্পৰ্শ কৰা প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ’ সম্প্ৰচাৰৰ নিৰন্তৰ সফলতা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে।

২০১৪ চনৰ ৩ অক্টোবৰত আৰম্ভ হোৱাৰ পৰা ‘মন কী বাত’ এক ৰাষ্ট্ৰীয় পৰম্পৰাত পৰিণত হৈছে, প্ৰধানমন্ত্ৰীয়ে প্ৰতি মাহে দেশবাসীক সম্বোধন কৰি লাখ লাখ লোকক ভাৰতৰ উন্নয়নমূলক যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰেৰণা যোগাই আহিছে। ই ভাৰতৰ নাগৰিকসকলৰ মনত বিশেষ ভাবে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে, নাগৰিকসকলে প্ৰতি মাহে তেওঁলোকৰ প্ৰধান সেৱকৰ কথা শুনিছে, তেওঁলোকৰ সাফল্য, উদ্বেগ, সুখ আৰু গৌৰৱান্বিত মুহূৰ্তৰ শ্বেয়াৰ কৰাৰ লগতে নতুন ভাৰত নিৰ্মাণৰ বাবে পৰামৰ্শও প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে “মন কী বাত”ৰ বিভিন্ন খণ্ডত উল্লেখ কৰা দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০০ গৰাকী সন্মানীয় নাগৰিকেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ উল্লেখযোগ্য অৱদানক প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সম্প্ৰচাৰত প্ৰশংসা কৰিছে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছে পৰম্পৰাগত কলা, সংস্কৃতি আৰু কাৰুশিল্পৰ প্ৰচাৰ, পৰিৱেশ সুৰক্ষা আৰু কোভিডৰ সময়ত দেশক অক্লান্ত ভাৱে সহযোগিতা আগবঢ়োৱা লোক, সুবিধাবঞ্চিত নাগৰিকসকলক সহযোগিতা আগবঢ়োৱা লোক, সমাজে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে উদ্ভাৱনী সমাধান প্ৰদান কৰা লোকসকল।

এই অতিথিসকলে তেওঁলোকৰ সৈতে গোৱা ৰাজ্যৰ প্ৰাচীন কাভি চিত্ৰ, অন্ধ্ৰ প্ৰদেশৰ ইটিকোপ্পাকা কাঠৰ পুতলা কাৰুশিল্প, উৰিষ্যাৰ শিলৰ কটা পট্টিত্ৰা চিত্ৰ আৰু উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ আত্ম-সহায়ক গোটৰ দ্বাৰা কলগছৰ আঁহৰে পতৈয়াৰ কৰা সামগ্ৰীকে অন্যান্য স্মাৰক প্ৰদৰ্শন কৰিব।

অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিয়ে দুখন কিতাপো উন্মোচন কৰিব। প্ৰথমখন হৈছে ‘মন কী বাতt@১০০’ সন্দৰ্ভত যুগুতাই উলিওৱা কফি টেবুল বুক। গ্ৰন্থখনত ‘মন কী বাত’ৰ যাত্ৰা আৰু এই কাৰ্যসূচীৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী আৰু নাগৰিকসকলৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ ক্ষেত্ৰত কেনেদৰে এক নতুন যুগৰ আৰম্ভণি হৈছে সেই সন্দৰ্ভত আলোকপাত কৰা হৈছে। প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী, এছ এছ ভেম্পতীৰ ‘কালেক্টিভ স্পিৰিট, কংক্ৰিট একশ্যন’ নামৰ দ্বিতীয় খন গ্ৰন্থত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ চলি থকা বাৰ্তালাপৰ আকৰ্ষণীয় দিশসমূহ নথিভুক্ত কৰা হৈছে, যিয়ে সামাজিক, অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক, সাংস্কৃতিক, স্বাস্থ্য আৰু ফিটনেছ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোকপাত কৰিছে, যিসমূহ বিষয় আমাৰ দেশৰ হৃদয়ত প্ৰতিধ্বনিত হৈছে।

উদ্বোধনী অধিৱেশনৰ পিছতে ৪ খন বিশেষ বিষয়বস্তুগত আলোচনাৰ অধিৱেশন অনুষ্ঠিত হ’ব য’ত মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ বিস্তৃত বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হ’ব। প্ৰতিখন অধিৱেশনত একোজন বিশিষ্ট ব্যক্তিয়ে শোভা বৰ্দ্ধন কৰিব। এই অধিৱেশনসমূহে সমগ্ৰ ভাৰতৰ বিভিন্ন ক্ষেত্ৰত মন কী বাতে অনুপ্ৰেৰিত কৰা পৰিৱৰ্তনশীল প্ৰভাৱৰ সনদৰ্ভত আলোকপাত কৰিব, নাগৰিকসকলক কাৰ্যকৰীভাৱে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব আৰু তেওঁলোকক পৰিৱৰ্তনৰ ঘটক হ’বলৈ সামৰ্থ্য প্ৰদান কৰিব।

অধিৱেশনকেইখনৰ প্ৰসংগ শীৰ্ষক হব ক্ৰমে নাৰী শক্তি, ঐতিহ্যৰ উথ্থান, জন সংবাদৰ পৰা আত্মনিৰ্ভৰতালৈ, আৰু আহ্বানৰ পৰা জন-আন্দোলনলৈ। এই লানি অনুষ্ঠানত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে অংশগ্ৰহণ কৰিব শ্ৰী আমিৰ খান, শ্ৰীমতী কিৰণ বেদী, শ্ৰীমতী ৰিকি কেজ আৰু শ্ৰীমতী নিখাত জাৰিনৰ দৰে ব্যক্তিত্বই। মন কী বাত কাৰ্যক্ৰমত উল্লেখ থকা ১০০ গৰাকীৰো অধিক বিশেষ আমন্ত্ৰিত ব্যক্তিয়ে অনুষ্ঠানত ভাগ লব। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু শ্ৰী অনুৰাগ ঠাকুৰ উপস্থিত থাকিব।

ইফলে, ‘মন কী বাত’ৰ ১০০ টা খণ্ড সম্পূৰ্ণ হোৱা উপলক্ষে স্মাৰক ডাক টিকট আৰু মুদ্ৰা উন্মোচন কৰা হ’ব।

লগতে পঢ়ক – আজি পুনৰ মনীষ চিছোদিয়াৰ জামিন আবেদনৰ শুনানি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply