নিউজ ডেস্ক: এছ আই জোনমনি ৰাভাৰ মৃত্যৰ পাছত বিৰ্তকৰ মাজত সোমাই পৰিছিল নগাঁৱ সদৰ ঠানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী । জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই পৰাৰ পিচত নগাঁও সদৰ আৰক্ষী থানাৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ সংলগ্ন কৰা পৰিদৰ্শক মনোজ ৰাজবংশীক বুধবাৰে তৎকাল বলবৎ হোৱাকৈ বিভাগীয় এক নির্দেশ অনুযায়ী সেৱাৰ পৰা নিলম্বিত কৰা হয়।
উল্লেখ্য যে, ১৫ মে’ত নগাঁৱৰ জখলাবন্ধাত সংঘটিত হৈছিল এক ৰহস্যজনক পথ দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত হৈছিল নগাঁও আৰক্ষীৰ উপ- পৰিদৰ্শক জোনমণি ৰাভা । এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য আৰু প্রতিক্রিয়া আজিও অব্যাহত। ঘটনাৰ পাছতে মৃত্যুৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চি আই ডি)য়ে হাতত লোৱাৰ পিচত তদন্ত প্ৰক্ৰিয়া চি বি আই লৈ হস্তান্তৰ কৰা হয়। এতিয়া চি বি আই ৰ তদন্ত প্ৰক্ৰিয়া বহুখিনি আগবঢ়াৰ লগে লগে একশ্যন আৰম্ভ হৈছে অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে ।
উল্লেখযোগ্য যে, আৰক্ষীৰ পৰিদৰ্শক পৰ্যায়ৰ বিষয়া মনোজ ৰাজবংশীৰ নাম এজাহাৰত উল্লেখ কৰিছে এছ আই জোনমণি ৰাভাৰ মাতৃয়ে । তাৰ পিচৰ পৰাই কেইবাবাৰো চি আই ডিৰ মাৰাথন জেৰাৰ সন্মুখীন হৈছিল আৰক্ষী বিষয়া মনোজ ৰাজবংশী।