নিউজ ডেস্ক- আজি জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই শ্ৰীনগৰৰ দল হ্ৰদৰ পাৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত তিনিদিনীয়া ‘জি-২০ পর্যটন কৰ্মগোট’  বৈঠক উদ্বোধন কৰিব।

উল্লেখ্য যে, এই বৈঠকৰ ২৪ মে’ত সামৰণি পৰিব। উক্ত বৈঠকত বিভিন্ন জাতিৰ ৬০ জনৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। চীন আৰু তুৰস্কই এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।

উক্ত বৈঠকত কেইবাজনো কেন্দ্রীয় মন্ত্রীও উপস্থিত থকাৰ সম্ভাৱনা আছে। আজি বিয়লিৰ ভাগত এছ কে আই চি চিত উপস্থিত হ’ব প্রতিনিধিসকল। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে তেওঁক আদৰণি জনোৱা হ’ব৷

আনহাতে, ক্রাফ্ট বজাৰত স্থানীয় সামগ্ৰীৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। মঙলবাৰে অৰ্থনৈতিক উন্নয়ন আৰু সাংস্কৃতিক সংৰক্ষণৰ বাবে চলচ্চিত্ৰ পৰ্যটনৰ ওপৰত এক অধিবেশন অনুষ্ঠিত হ’ব। ইক’ টুৰিজিমৰ ওপৰতো এক সুকীয়া অধিৱেশন অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply