নিউজ ডেস্ক- ৰাজ্যখনত বহু আৰক্ষী বিযয়া সোণৰ ছিণ্ডিকেটৰ লগত জড়িত হৈ আছে বুলি অভিযোগ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, সমগ্ৰ ৰাজ্যজুৰি নকল সোণৰ এক ৰমৰমীয়া ব্যৱসায় চলি আছে। এই ব্যৱসায়ৰ সৈতে বহু শীৰ্ষ আৰক্ষী বিষয়া জড়িত আছে।
উল্লেখ্য যে, সমগ্র বিষয়টো মুখ্যমন্ত্ৰীয়ে প্ৰথমে গুৰুত্বহীন কৰিব খুজিছিল যদিও পাছত ৰাইজৰ প্ৰবল দাবীত মুখ্যমন্ত্ৰীয়ে চিআইডিৰ তদন্ত ঘোষণা কৰিলে৷ কিন্তু চি আই ডিৰ তদন্তত আমি আশ্বস্ত নহয়। কিয়নো চি আই ডিও অসম আৰক্ষীৰে এক অংগ। যিহেতু বহুতো শীৰ্ষ আৰক্ষী বিষয়া সোণৰ ছিণ্ডিকেটৰ সৈতে জড়িত হৈ আছে, তেনেস্থলত তদন্ত প্রক্রিয়াত তেওঁলোকে বাধা দিয়াটো নিশ্চিত। ইফালে এসময়ত সোণৰ অসম গঢ়াৰ কথা কোৱা চৰকাৰখনে এতিয়া নকল সোণৰ খনিকৰ পুলিচ বিভাগত ওলাইছে।
লগতে তেওঁ কয় জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা এজন ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰোৱাটো ভাল হ’ব। ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰিলেহে অসমৰ ৰাইজে আৰু জোনমণি ৰাভাৰ পৰিয়ালে প্রকৃত সত্যটো গম পাব।
আনহাতে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে যদি এনেকৈ শান্তি আনিম বুলি ভাবিছে, তেনেহ’লে সেয়া ডাঙৰ কথা। যিখন অসমত এগৰাকী অসমীয়া আৰক্ষী বিষয়াৰে জীৱনৰ নিৰাপত্তা নাই,ন সেইখন অসমত সাধাৰণ লোকে কি নিৰাপত্তা লাভ কৰিব।