নিউজ ডেস্কঃ অতুলনীয় ত্যাগ, সাহস আৰু আত্মবলিদানেৰে ইতিহাস ৰচা অসম আন্দোলনৰ মহান শ্বহীদসকলৰ সোঁৱৰণত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণৰ কাম চলি থকা ‘শ্বহীদ স্মাৰক আৰু শ্বহীদ উদ্যান’খন মঙলবাৰে অসম চৰকাৰ কেবিনেট মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। লগতে, উদ্যানখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ সবিশেষ বুজ লয় মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শনৰ সময়ছোৱাত যুদ্ধকালীন ক্ষিপ্ৰতাৰে আগন্তুক শ্বহীদ দিৱসৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চুক্তি ৰূপায়ণ বিভাগৰ বিষয়া আৰু নিৰ্মাণকাৰ্যৰ সৈতে জড়িত লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকলক নিৰ্দেশনা প্ৰদান কৰে।
ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শনৰ সময়ত সংশ্লিষ্ট বিষয়াৰপৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়েও সবিশেষ বুজ লয়।

উক্ত পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰী অতুল বৰাৰ সৈতে অসম চুক্তি ৰূপায়ণ বিভাগৰ সচিব জি এছ পানেছাৰ প্ৰমুখ্যে উক্ত বিভাগৰ আৰু লোকনিৰ্মাণ বিভাগৰ অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক – প্ৰস্তাৱিত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীত বৈঠক