নিউজ ডেস্ক: শিৱসাৰত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। শিৱসাগৰৰ হাস্পতাল ৰোডৰ ‘অৰুণছ’ নামৰ কাপোৰৰ দোকানখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছতে উক্ত দোকাখনখন আৰু তাৰ কাষত থকা আন এটা বিল্ডিং সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
নিশা প্ৰায় ১০.৪৫ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ জুই প্ৰায় ২.৩০ বজাত নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে।
কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ কৰা হৈছে। এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪ কোটি টকাৰ সা–সামগ্ৰী ভস্মীভূত হয়।