নিউজ ডেস্ক: অৰুণাচলত প্ৰদেশত শুক্ৰবাৰে নিশা এক ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়। বৰ্তমানলৈকে জানিব পৰা অনুসৰি, ভূমিস্খলনৰ ফলত অসমৰ ৪ জন পথ নিৰ্মাণকাৰ্মী শ্ৰমিকৰ মৃত্যু হৈছে।

অৰুণাচলৰ উজনি ছিয়াং জিলাৰ ইংকিয়াং- টুটিং ৰোডৰ মচিং গাঁৱত এই বৃহৎ ভয়ংকৰ ভূমিস্খলনটো সংঘটিত হৈছে।

যোৱা কিছুদিন ধৰি অৰুণাচলৰ ছিয়াং জিলাত নেৰানেপেৰাকৈ বৰষুণ হৈ আছে। যাৰ বাবে অঞ্চলটো ভূমিস্খলন সংঘটিত হৈ আছে। ভূমিস্খলনৰ ফলত অঞ্চলটোৰ লোকৰ সৈতে যোগাযোগো বৰ্তমান বিচ্ছিন্ন হৈ পৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ভূমিস্খলন হোৱা ঠাই টুকুৰাত পথ নিমাৰ্ণকৰ্মী সকলে নিশা পথৰ কাষতে অস্থায়ী ভাৱে কেস্প কৰি শুই আছিল। তেনেতে ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।

লগতে পঢ়ক – এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ষষ্ঠ স্থানতেই সন্তুষ্ট হ’বলগীয়া হয় মীৰাবাঈ চানু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply