নিউজ ডেস্কঃ নগাঁও আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত কৰা হৈছে ব্যাপক ৰদ-বদল। জোনমণি ৰাভাৰ ৰহস্য জনক মৃত্যুৰ হোৱাৰ পিছতেই নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লাভ কৰা SP নৱনীত মহন্ত নিৰ্দেশতেই কৰা হৈছে এই ৰদ-বদল।
নগাঁও সদৰ থানাৰ OCৰূপে পাৰ্থ প্ৰতিম সিঙক নিযুক্তি, কলিয়াবৰ থানাৰ OC ৰূপে সঞ্জিত কুমাৰ ৰয়ক নিযুক্তি, বটদ্ৰৱা থানাৰ OC ৰূপে অসীম বৰাক নিযুক্তি, ৰূপহীহাট থানাৰ OCৰ দায়িত্ব বলৰাম তেৰাঙক, CI বটদ্ৰৱা ৰূপে জেকচন মুচাহাৰীক দায়িত্ব অর্পণ কৰা হৈছে।
ইয়াৰ সমান্তৰালকৈ শেহতীয়া ভাৱে SI আভাজ্যোতি ৰাভাৰ সম্পত্তিক লৈ হ’ব দুনীৰ্তি নিবাৰক শাখাক তদন্ত কৰিবলৈ DGP জিপি সিঙে নিৰ্দেশ প্ৰদান কৰিছে।
লগতে পঢ়ক – আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্ত ঘোষণা জি পি সিঙৰ