নিউজ ডেস্ক- ৰাজ্যৰ অসম গ্রামীণ বিকাশ বেংকত সংঘটিত ধন আত্মসাতৰ ভয়ংকৰ ঘটনা হৈছে। অসম গ্রামীণ বিকাশ বেংকৰ লাহৰীজান আৰু ডকমকা শাখাত সংঘটিত হৈছে ২৯ কোটি টকাৰ বৃহৎ কেলেংকাৰি।
জানিব পৰা মতে, গ্ৰাহকৰ জমা ধন বেংক বিষয়াই জালিয়াতিৰে উলিয়াই নিয়াৰ লগতে কিষাণ ক্রেডিট কার্ড দিয়াৰ নামত সংঘটিত কৰিছে এই কেলেংকাৰী।
উল্লেখ্য যে, কেলেংকাৰি সংঘটিত হোৱা বেংকটোৰ দুয়োটা শাখাই ডিফু আঞ্চলিক কার্যালয়ৰ অধীনস্থ। ইয়াৰে লাহৰীজান শাখাত সংঘটিত হৈছে ৭ কোটি টকাৰ কেলেংকাৰি। শাখা পৰিচালক আৰু ক্ষেত্ৰ বিষয়াই বেনামী গ্ৰাহকৰ নামত একাউণ্ট মুকলি কৰি ছিষ্টেমৰ জৰিয়তে ৭ কোটি টকা উলিয়াই নিছিল। প্রথমে বেনামী গ্ৰাহকৰ একাউণ্টলৈ ধন হস্তান্তৰ কৰি পাছত নিজৰ নিজৰ একাউণ্টৰ জৰিয়তে সেই ধন উলিয়াই নিয়ে।
ইফালে ডকমকা শাখাত কিষাণ ক্রেডিট কার্ড দিয়াৰ নামত প্ৰায় ২২ কোটি টকাৰ অনিয়ম সংঘটিত কৰা হৈছে।