নিউজ ডেস্ক– চলিত বৰ্ষৰ পৰা অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ইংৰাজীত আৰম্ভ কৰা হৈছে। এই কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

উল্লেখ্য যে, ৰাজ্যখনৰ দহটা শিক্ষক সংগঠনে এখন সন্মিলিত মঞ্চত ঐক্যবদ্ধ হৈ ইংৰাজী মাধ্যমৰ পাঠ্যক্ৰম প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছিল। কিন্তু শিক্ষক সংগঠনসমূহৰ দাবী নাকচ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে বহুতে ৰাজনৈতিক স্বাৰ্থৰ বাবে ধর্ণা, আন্দোলন আদি কৰে। ইংৰাজী মাধ্যমৰ পাঠ্যক্ৰমেৰে পাঠদান কৰাত আপত্তি কোনো শিক্ষানুষ্ঠান, ছাত্র-ছাত্রী বা অভিভাৱকে কৰা নাই। সকলোৱে গণিত আৰু বিজ্ঞান ইংৰাজীত পঢ়োৱাটো গ্ৰহণ কৰিছে।

আনহাতে, ইংৰাজী মাধ্যমত নতুনকৈ দুটা বিষয়ত পাঠদানে অসমীয়া মাধ্যমক নিঃশেষ কৰিব বুলি একাংশ শিক্ষাবিদ, জাতীয় সংগঠনে বিষয়টোৰ বিৰুদ্ধে দাবী জনায়। সেই সময়তে শিক্ষা মন্ত্রী ডাঃ পেগুৱে কয় যে এতিয়া বহু ঠাইৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ক ইংৰাজী মাধ্যমলৈ পৰিৱৰ্তন কৰাৰ আৱেদন শিক্ষা বিভাগে লাভ কৰিছে। শিক্ষক নিযুক্তি আৰু বদলিৰ প্ৰক্ৰিয়া চলি থকাৰ বাবে চৰকাৰে এতিয়া সেই সিদ্ধান্ত গ্ৰহণ কৰা নাই। পাঠ্যক্ৰম যদিও ইংৰাজী ভাষাত দিয়া হৈছে, তাত অসমীয়া প্ৰতিশব্দ দিয়া হৈছে। এখন কিতাপতে ইংৰাজীৰ লগতে অসমীয়া দুয়োটা ভাষাতে দিব পাৰি নেকি সেই কথা চালি-জাৰি চোৱা হ’ব। কেৱল ইংৰাজী বিষয়টোহে ইংৰাজীত পঢ়িলে নহ’ব। আন বিষয়ো ইংৰাজীত শিকিব লাগিব।

লগতে তেওঁ উল্লেখ কৰে যে, ইংৰাজী শিকাৰ অনুশীলন হ’লেহে শিক্ষা উন্নত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply