নিউজ ডেস্ক: ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহু প্ৰত্যাশিত ফলাফল মে’ৰ শেষৰ ফালে ঘোষণা কৰা হ’ব। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা সদৰী কৰে।
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “এই বছৰৰ মে’ মাহৰ শেষৰ ফালে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ বাবে মাধ্যমিক শিক্ষা ব’ৰ্ড অসমে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।”
উল্লেখ্য যে ফলাফলসমূহ ছেবাৰ অফিচিয়েল ৱেবছাইট sebaonline.org ত প্ৰকাশ কৰা হ’ব।
আনহাতে, স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফল অহা ১৬ মে’ত ঘোষণা কৰা হ’ব আৰু উত্তীৰ্ণ সকলৰ নিযুক্তি পত্ৰ অহা ২৬ মে’ত গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত বিতৰণ কৰা হ’ব।