নিউজ ডেস্ক: অহা মাহৰ ২৪ মে’ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে অষ্ট্ৰেলিয়াৰ চিডনীত অনুষ্ঠিত হোৱা কোৱাড লিডাৰ্ছ সন্মিলনত দুয়োয়ে পাৰস্পৰিক সাক্ষাত কৰিব। এই সন্মিলনত তেওঁলোকৰ সৈতে উপস্থিত থাকিব জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজো।
কোৱাড হৈছে চাৰিখন দেশ- ভাৰত, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু অষ্ট্ৰেলিয়া। ইয়াৰ প্ৰাথমিক উদ্দেশ্য হৈছে ভাৰত-প্ৰশান্ত (ইণ্ডো-পেচিফিক) গুৰুত্বপূৰ্ণ সাগৰীয় পথবোৰক কোনো প্ৰভাৱৰ পৰা মুক্ত ৰখাৰ বাবে কাৰযকৰী ৰণনীতি বিকশিত কৰা।

হোৱাট হাউচে কয়, এই সন্মিলনখনত এইবাৰ চাৰিখন দেশৰ নেতাসকলে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, উচ্চ মানদণ্ডৰ আন্ত গাঁথনি, গোলকীয় স্বাস্থ্য, জলবায়ু পৰিৱৰ্তন, সামুদ্ৰিক ক্ষেত্ৰ সজাগতা আৰু অনান্য বিষয়ত তেওঁলোকৰ সহযোগিতা গভীৰ কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিব।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয় যে, সাৰ্বভৌমত্বক সন্মান জনোৱা আৰু সকলোৰে বাবে নিৰাপত্তা আৰু বৃদ্ধি নিশ্চিত কৰা মুকলি, সুস্থিৰ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৰ্থন কৰিবলৈ কোৱাড প্ৰতিশ্ৰুতিবদ্ধ। “মই কোৱাডৰ নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী যে আমি, গুৰুত্বপূৰ্ণ আঞ্চলিক প্ৰতিষ্ঠান, যেনে আছিয়ান, পেচিফিক দ্বীপপুঞ্জ মঞ্চ, ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েচন আৰু আমাৰ আঞ্চলিক অংশীদাৰসকলৰ সৈতে “আমি সকলোৱে জীয়াই থাকিব বিচৰা ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক কেনেকৈ গঢ় দিব পাৰো।”
আলবানীৰ টুইটৰ উত্তৰত মোদীয়ে কয় যে, এই সন্মিলনে মুক্ত, মুকলি আৰু সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ প্ৰচেষ্টাক শক্তিশালী কৰিব।