নিউজ ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আগন্তুক অসম ভ্ৰমণৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
২৪ আৰু ২৫ মে’ত অসম ভ্ৰমণ কাৰ্যসূচীৰ অধীনত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব।
লগতে, মুখ্যমন্ত্ৰীয়ে কাৰ্যসূচীসমূহৰ সুশৃংখলিত পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে।
তদুপৰি দুয়োটা কাৰ্যসূচীৰ সফল পৰিচালনাৰ ক্ষেত্ৰত কেবিনেট মন্ত্ৰীসকলক ৰাজ্য চৰকাৰৰ দায়িত্ববাহী বিষয়াসকলক নেতৃত্ব প্ৰদান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
লগতে পঢ়ক – ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক