নিউজ ডেস্কঃ আজি জনতা ভৱনৰ বিভাগীয় কার্যালয়ত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (BTR)-ৰ পর্যটন ক্ষেত্রৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বি.টি.চি. প্রধান প্রমোদ বড়োৰ উপস্থিতিত পর্যটন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।
আজিৰ বৈঠকত কেন্দ্রীয় প্রকল্পৰ শেহতীয়া স্থিতি, কাৰ্যকৰী হৈ থকা আঁচনিসমূহ, আতিথ্যৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন, ইক’ টুৰিজিমৰ প্রচাৰ আদিৰ বিষয়ে বিতং আলোচনা কৰা হয়।
বৈঠকৰ পিছত সামাজিক মাধ্যমৰ জৰিয়তে জয়ন্ত মল্ল বৰুৱাই কয়, ৰাজ্যখনৰ BTR অঞ্চলটো বন্যপ্রাণী আৰু ঐতিহ্যৰে সমৃদ্ধিশালী হোৱা বাবে পর্যটনৰ বাবে প্রচুৰ সম্ভাৱনাৰে ভৰা, তাৰোপৰি উক্ত অঞ্চলটো সুগভীৰ অৰণ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ যিবোৰ অনাগত দিনত আৰু অধিক জনপ্ৰিয় হৈ উঠাৰ সম্ভাৱনা আছে। মোৰ দৃঢ় বিশ্বাস যে পর্যটনৰ উচিত ৰোড মেপ তৈয়াৰ কৰি ল’লে আমি বিটিআৰ অঞ্চলত অধিক পর্যটক আকর্ষণ কৰিব পাৰিম।
আজিৰ বৈঠকত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুর্পণ বৰুৱা আৰু উপাধ্যক্ষ দিলীপ দাস, অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, ATDC-ৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, বিটিচিৰ কার্যবাহী সদস্য ধর্মনাৰায়ণ দাস আৰু Wilson Hasda তথা অন্যান্য বিষয়াবর্গ উপস্থিত থাকে।
লগতে পঢ়ক – ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ বাবে ৰাছিয়াই স্থগিত কৰিলে মুন লেণ্ডাৰ অভিযান