নিউজ ডেস্ক- আজি নতুন দিল্লীত ৰে’ল মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ মুল বিষয়বস্তু হিচাপে ভাৰতীয় ৰেলৱেৰ কেটাৰিং সেৱা, আৰু ভাৰতীয় ৰেলৱেৰ ওপৰত ষ্টেচন উন্নয়ন- অমৃত ভাৰত ষ্টেচন আঁচনিসমূহ আছিল। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাজনো সংসদ সদস্য উপস্থিত থাকে।

ভাৰতীয় ৰে’লৱেত কেটাৰিং সেৱাৰ বিষয়ত সদস্যসকলক জনোৱা হয় যে ভাৰতীয় ৰে’লৱেত দৈনিক প্ৰায় ১.৮ কোটি যাত্ৰী যাত্ৰা কৰে আৰু ভ্ৰমণকাৰী যাত্ৰীসকলৰ বাবে ৰে’ল আৰু ষ্টেচনত পৰ্যাপ্ত খাদ্য যোগানৰ ব্যৱস্থা আৰু উপলব্ধতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। 

ভ্ৰমণকাৰী যাত্ৰীসকলক ষ্টেটিক ইউনিট বা মোবাইল ইউনিটৰ জৰিয়তে কেটাৰিং সেৱা প্ৰদান কৰা হয়। ভাৰতীয় ৰেলৱেৰ ৯৩৪২টা সৰু আৰু ৫৮২টা মেজৰ ষ্টেটিক ইউনিট আছে য’ত জন আহাৰ আউটলেট, ফুড প্লাজা আৰু ৰিফ্ৰেছমেণ্ট ৰুম আছে। ভাৰতীয় ৰে’লৱেৰ কেটাৰিং নীতি আছে, যাৰ উদ্দেশ্য হৈছে ৰে’লৰ কেটাৰিং সেৱাসমূহ বিভাজিত কৰি ৰে’ল যাত্ৰীসকলক মানসম্পন্ন খাদ্য প্ৰদান কৰা আৰু খাদ্য প্ৰস্তুত কৰা আৰু খাদ্য বিতৰণৰ মাজত প্ৰাথমিক পাৰ্থক্য সৃষ্টি কৰা। 

মন্ত্ৰালয়ে আই আৰ চি টি চিক ৰে’লত কেটাৰিং সেৱাৰ মেনু কাষ্টমাইজ আৰু সিদ্ধান্ত লোৱাৰ নমনীয়তা প্ৰদান কৰিছে যাতে বিভিন্ন গোটৰ যাত্ৰীৰ পছন্দ অনুসৰি আঞ্চলিক খাদ্য, ঋতুভিত্তিক সুস্বাদু খাদ্য, আৰু খাদ্য সামগ্ৰীৰ সকলো বস্তু অন্তৰ্ভুক্ত কৰিব পৰা যায়। ভাৰতীয় ৰে’লৱেতো ই-কেটাৰিং আঁচনি প্ৰৱৰ্তন কৰা হৈছে। মোবাইল আৰু ষ্টেটিক দুয়োটা কেটাৰিং ইউনিটতে নগদবিহীন লেনদেনৰ সুবিধা প্ৰদান কৰা হৈছে। 

ষ্টেচন উন্নয়ন বিষয়ত ভাৰতীয় ৰে’লৱেৰ ষ্টেচনৰ উন্নীতকৰণ/আধুনিকীকৰণ এক নিৰন্তৰ চলি থকা প্ৰক্ৰিয়া বুলি জনোৱা হৈছিল। তিনিটা ষ্টেচন যেনে: মধ্যপ্ৰদেশ ৰাজ্যৰ ৰাণী কমলাপতি, গুজৰাট ৰাজ্যৰ গান্ধীনগৰ আৰু কৰ্ণাটক ৰাজ্যৰ ছাৰ এম বিশ্বেশ্বৰায় ৰেলৱে ষ্টেচন এতিয়ালৈকে পুনৰ উন্নয়ন/আধুনিকীকৰণ কৰা হৈছে।

এই তিনিটা ষ্টেচনৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত ভাৰতীয় ৰে’লৱেৰ ষ্টেচন উন্নয়নৰ বাবে অমৃত ভাৰত ষ্টেচন আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিখনে দীৰ্ঘম্যাদী পদ্ধতিৰে নিৰন্তৰ ভিত্তিত ষ্টেচনসমূহৰ উন্নয়নৰ কৰিব।  ইয়াৰ লগত ষ্টেচনসমূহৰ প্ৰৱেশৰ উন্নতি, চলাচল কৰা ঠাই, অপেক্ষাগৃহ, প্ৰয়োজনীয় লিফ্ট/এস্কেলেটৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, বিনামূলীয়া ৱাই-ফাই, আঁচনিৰ জৰিয়তে ষ্টেচনসমূহত সুবিধাসমূহ উন্নত কৰাৰ বাবে মাষ্টাৰ প্লেন প্ৰস্তুত কৰা আৰু ইয়াক পৰ্যায়ক্ৰমে ৰূপায়ণ কৰাটো জড়িত হৈ আছে।

বৰ্তমান এই আঁচনিখনে ভাৰতীয় ৰে’লৱেৰ ওপৰত উন্নীতকৰণ/আধুনিকীকৰণৰ বাবে ১২৭৫টা ষ্টেচন লোৱাৰ পৰিকল্পনা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply