নিউজ ডেস্কঃ বৰ্তমান অসম আৰু অৰুণাচলৰ সীমা সমস্যা প্ৰায়ে সমাধানৰ পথত বুলি ক’ব পাৰি। অৰুণাচল প্ৰদেশৰ ৰয়িঙত অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ অৰ্থে সোমবাৰে অসমৰ তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতিৰ অধ্যক্ষ আৰু সদস্যসকলৰ উপস্থিতিত জিলা দুখনৰ সীমান্তৱৰ্তী একমাত্ৰ ৰুক্ম অঞ্চলটোৰ সীমা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈ যায়। বৈঠকত অসম সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে।
মন্ত্ৰী অতুল বৰাই ফেচবুক পোষ্ট জৰিয়তে জনাই যে, সীমা সমস্যা সন্দৰ্ভত নামচাই ঘোষণাপত্ৰ অনুসৰি দুয়োখন ৰাজ্যই পৃথকে গঠন কৰি দিয়া ১২খনকৈ আঞ্চলিক সমিতিৰ অধিকাংশ সমিতিয়ে নিৰ্দিষ্ট কৰি দিয়া সংশ্লিষ্ট সীমা সন্দৰ্ভত ঐকমত্যত উপনীত হৈছে।

লগতে তেওঁ কয়, ৰুক্ম অঞ্চলটোৰ সীমাৰ সৈতে জড়িত কিছু বিষয়ৰ সমাধানসূত্ৰ সন্দৰ্ভত আজিৰ বৈঠকত আলোচনা কৰা হয়। এই অঞ্চলটোৰ বিভিন্ন এলেকা আজি যুটীয়াভাৱে পৰিদৰ্শনৰ বাবে সূচী নিৰ্ধাৰণ কৰা হৈছিল যদিও প্ৰতিকূল বতৰে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।
প্ৰতিকূল বতৰৰ বাবে অঞ্চলটোৰ বিভিন্ন এলেকা পৰিদৰ্শনৰ কৰা নহ’ল বাবে ৫ এপ্ৰিলৰ পৰা তিনিদিনৰ ভিতৰত দুয়োখন জিলাৰ সংশ্লিষ্ট প্ৰশাসনিক বিষয়াৰ দলে যুটীয়াভাৱে অঞ্চলটো পৰিদৰ্শন কৰি যাৱতীয় প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয়, মন্ত্ৰী অতুল বৰাই কয়।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল ৰাজনৈতিক সদিচ্ছা তথা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু ডাঙৰীয়াৰ একান্ত আগ্ৰহৰ বাবেই দুয়োখন ৰাজ্যৰ সীমা সমস্যাই শীঘ্ৰেই সমাধান লাভ কৰিব আৰু দুয়োখন ৰাজ্যৰ জনসাধাৰণে সুখবৰ লাভ কৰিব বুলি মন্ত্ৰী অতুল বৰাই কয়।
লগতে পঢ়ক – শিখ ফ’ৰ জাষ্টিছ লৈ আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ মুকলি চিঠি