গুৱাহাটী : নাৰেংগীৰ বীৰকুছি এলেকাৰ বোন্দাজান বিলৰ এটা অংশ পুতি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ বাসগৃহলৈ সুকীয়া পথ নির্মাণৰ চৰকাৰী সিদ্ধান্ত গুৱাহাটী জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) আইন, ২০০৮ ৰ সম্পূর্ণ পৰিপন্থী আৰু ইয়াক চৰকাৰখনৰ আন এক হঠকাৰী আৰু অবিবেচকী সিদ্ধান্ত বুলি অভিহিত কৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে। দেওবাৰে অঞ্চলটোৰ নির্মিয়মান পথটো পৰিদৰ্শন কৰি অসম প্রদেশ কংগ্ৰেছ কমিটীৰ এটা দলে নিকটবর্তী আৱাসীসকলৰ সৈতে বিষয়টো আলােচনা কৰাৰ অন্তত কোনাে কাৰণতে এই স্বেচ্ছাচাৰিতা মানি লােৱা নহ’ব আৰু জলাশয় ধ্বংস কৰি বি জে পিৰ প্ৰভাৱশালী নেতাৰ ব্যক্তিগত মুনাফাৰ বাবে ৰাইজক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিয়া এই কার্য শীঘ্ৰে বন্ধ হ’ব লাগিব বুলি ঘােষণা কৰিছে।

অসম প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্য, সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিং মহন্ত, অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গােস্বামী, দলৰ বিচাৰ বিভাগৰ অধ্যক্ষ কুশল কুমাৰ শৰ্মা, আইনী কোষৰ নেতা আনােৱাৰ হুছেইন প্রমুখ্যে প্রদেশ কংগ্ৰেছৰ এক বৃহৎ দলৰ লগতে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটী, নুনমাটি ব্লক কংগ্ৰেছৰ কেইবাগৰাকীও নেতাৰ দলটোৱে গুৱাহাটী জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) আইন, ২০০৮ সকলাে নীতি-নির্দেশনা ভংগ কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব বি জে পি নেতা জয়ন্ত মল্ল বৰুৱাৰ ব্যক্তিগত আবাসগৃহলৈ বোন্দাজান বিলৰ এটা কাষ পুতি পথ আৰু শিশু উদ্যান নির্মাণৰ যি অবৈধ কামকাজ আৰম্ভ কৰিছে সেয়া গুৱাহাটীৰ বাবে অতি বিপজ্জাক বুলি অভিহিত কৰিছে। উল্লেখযােগ্য যে বৃটিছ শাসনৰ দিনৰ পৰাই বােন্দাজানক এক জলাশয় হিচাপে চিহ্নিত কৰা হৈ আহিছে আৰু শিলসাঁকো জলাশয়ৰ সৈতে ই সংযােজিত হৈ আছে।

এই বােন্দাজানৰ জৰিয়তেই খানাপাৰা, ছামাইল, পাঞ্জাবাৰী, সাতগাঁও, নুনমাটি, নাৰেংগী আদি বিস্তীর্ণ অঞ্চলৰ কৃত্রিম বান সমস্যা নিয়ন্ত্ৰণৰ ভিতৰত আছে। কাৰণ অতিৰিক্ত জলভাগ এই বােন্দাজান হৈয়েই ব্ৰহ্মপুত্ৰলৈ ওলাই যায়। এতিয়া এই বােন্দাজান জলাশয় এইদৰে ৰাজনীতিক ব্যক্তিগত স্বার্থত চেপি আনিলে অদূৰ ভৱিষ্যতে গুৱাহাটীৰ বিশাল অঞ্চলৰ কৃত্রিম বানপানীৰ সমস্যই ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ বাধ্য। সেয়ে কংগ্ৰেছে কোনাে কাৰণতে আইন ভংগ কৰি এইদৰে পথ আৰু শিশু উদ্যান নির্মাণক সমর্থন নকৰে আৰু যিকোনাে মূল্যৰ বিনিময়ত এই অবৈধ নির্মাণ বন্ধ হ’বই লাগিব বুলি স্পষ্ট কৰি দিয়ে। এলেকাটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত অসম প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্যই কয় যে বি জে পি চৰকাৰৰ শাসনত চাৰিওফালে চৰম অৰাজকতা আৰম্ভ কৰি দিয়া হৈছে। বিলৰ পাৰে পাৰে বছৰ বছৰ ধৰি বসবাস কৰি অহা দুখীয়া মানুহক পুলিচ লগাই উচ্ছেদ কৰা হৈছে।

কংগ্ৰেছ নেতা গৰাকীয়ে লগতে কয় ‘ল’ৰা ৰজাৰ লগতে তেওঁৰ ‘তেমেকা’ৰােৰৰাে অত্যাচাৰে সকলাে সীমা চেৰাই গৈছে। কংগ্ৰেছে ইয়াৰ যােগ্য প্রত্যুত্তৰ দিব। এই আইন ভংগকাৰী ‘তেমেকা’ জয়ন্ত মল্ল বৰুৱাই ইয়াৰ উপযুক্ত শাস্তি পাবই লাগিব। অসম প্রদেশ কংগ্ৰেছৰ হৈ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই সাংবাদিকক কয় যে সম্পূর্ণ বেআইনীভাৱে বােন্দাজান জলাশয়ৰ এক বৃহৎ খণ্ড পুতি প্রায় ৩৫ ফুট বহল আৰু ৩৫০ ফুট দীঘল পথ নির্মাণৰ কাম ইতিমধ্যে আগবাঢ়িছে আৰু তথ্য মতে পথটো বি জে পি নেতা জয়ন্ত মল্ল ৰুৱাৰ পিতৃৰ নামেৰে নামকৰণ কৰিবলৈও যাে-জা সম্পূর্ণ কৰি তােলা হৈছে। ৰাইজৰ সম্পত্তিক এইদৰে ব্যক্তিগত লাহ-বিলাহৰ বাৰে ব্যৱহাৰ কৰিবলৈ কোনাে কাৰণতে এৰি দিয়া নহ’ব বুলি মনজিৎ মহন্তই প্ৰকাশ কৰি কয় যে ইতিমধ্যে এই বিষয়ত আইনজ্ঞৰ সৈতে কথা-বতৰা আৰম্ভ কৰা হৈছে আৰু প্রয়ােজনসাপেক্ষে বিষয়টো আদালতৰ দৃষ্টিগােচৰ কৰিবলৈও সিদ্ধান্ত গ্রহণ কৰা হৈছে।

কংগ্ৰেছৰ বিজ্ঞপ্তিখনত কোৱা হয় যে আমােলাতান্ত্রিক মেৰপেচত পৰি গুৱাহাটী জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) আইন, ২০০৮ ত বােন্দাজান জলাশয় আইনখনৰ আওতালৈ ৰহস্যজনক কাৰণত অনা হােৱা নাছিল যদিও ২০০৯ চনত বিশিষ্ট বুদ্ধিজীবী তথা সাংবাদিক হােমেন বৰগাহাঞি আৰু বিশিষ্ট শিক্ষাবিদ ডঃ নির্মল চৌধুৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বার্থজনিত আৱেদনৰ পৰিণতিত ২০১০ চনত এই বােন্দাজান বিলকো গুৱাহাটী জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) আইন, ২০০৮ ৰ আওতালৈ অনা হয়। তাৎপর্যপূর্ণভাৱে সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা আছিল গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী। দুর্ভাগ্যজনক কথা যে নিজেই ২০১০ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে বোন্দাজানক আইনৰ আওতালৈ অনা হিমন্ত বিশ্ব শর্মা এতিয়া মুখ্যমন্ত্ৰী হৈ থকা কালত তেওঁৰেই বিশ্বস্ত বুলি জনাজাত জয়ন্ত মল্ল বৰুৱাক জলাশয়টো ধ্বংস কৰিবলৈ এৰি দিছে।

লগতে পঢ়ক – দুগৰাকী যুৱতীসহ ১০জনে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ

অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গােস্বামীয়ে সাংবাদিকক কয় যে বহুবালি আৰু স্বেচ্ছাচাৰিতাৰাে এটা সীমা থকা উচিত। নিজৰ সুখ-স্বাচ্ছন্দ্যৰ বাবে সাধাৰণ গুৱাহাটীবাসীক পণবন্দী কৰি ওভতগােৰে নচা এই সকল তথাকথিত ক্ষমতাৰ ৰাগীত বলিয়ান নেতাক ৰাইজেই এদিন যােগ্য প্রত্যুত্তৰ দিব লাগিব। গুৱাহাটী জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) অহিন, ২০০৮ কার্যকাৰিতা চোৱাৰ দায়িত্ব ন্যস্তহৈ আছে গুৱাহাটী পৌৰ নিগমৰ ওপৰত। এতিয়া সেই পৌৰ নিগমেই গুৱাহাটী জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) আইন, ২০০৮ ধ্বংস কৰি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ৰাজনৈতিক নেতা কাৰণেই জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যােৱা পথ নির্মাণৰ বাবে ৩ কোটি টকাৰ ঠিকা আবণ্টন দিছে কেনেকৈ? এইবােৰৰ উত্তৰ দিব লাগিব অসমৰ বি জে পি চৰকাৰে। কেউগৰাকী কংগ্ৰেছ নেতাই কয় যে এফালে শিলসাঁকো জলাশয় সংৰক্ষণৰ নামত বৰষুণৰ মাজতে খিলঞ্জীয়া লােকক উচ্ছেদ কৰি নির্মম দৃষ্টান্ত দাঙি ধৰিছে, আৰু আনফালে জয়ন্ত মল্ল বৰুৱাৰ দৰে নেতাৰ ব্যক্তিগত সা-সুবিধাৰ কাৰণে ঐতিহাসিক জলাশয় এটাৰ একাংশ পুতি পথ আৰু উদ্যান বনােৱাৰ কছৰৎ চলিছে। এয়াই বি জে পিৰ জাতি-মাটি-ভেটি ৰক্ষাৰ চৰকাৰৰ মুখাৰ আঁৰৰ চৰিত্ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply