এগৰাকী কিংবদন্তীৰ বিদায়। তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলে কেৱল এজন ফুটবল তাৰকাই নহয়, তেওঁ ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ। যুগৰ পিছত যুগ ধৰি তেওঁলৈ চাই অনুপ্ৰাণিত হৈ আহিছে ফুটবল জগত।

কিংবদন্তি পেলেৰ মৃত্যুত সাম্প্ৰতিক বিশ্ব ফুটবলৰ অন্যতম মহাতাৰকা লিঅ’নেল মেছিয়ে শোক প্ৰকাশ কৰিছে।

বিশ্বকাপ শেষ হৈছে মাথোঁ। দীঘলীয়া অপেক্ষাৰ পিছত ট্ৰফী স্পৰ্শ কৰিছে মেছিয়ে। বিশ্বকাপ বিজয়ী এজন ফুটবলাৰে তিনিবাৰৰ বিশ্বকাপ বিজয়ীৰ মৃত্যুৰ পিছত লিখিছে, “শান্তিত থাকক।” মেছিয়ে তেওঁৰ আৰু পেলেৰ দুখন ফটোও পোষ্ট কৰিছে। গ’ল কৰাৰ পিছত পেলেৰ উত্তেজনাৰ ছবি।

এটা সময় আছিল যেতিয়া পেলেৰ মুখত মেছিৰ বিষয়ে প্ৰশংসা শুনা নগৈছিল। আনকি পেলেই ভাবিছিল যে নেইমাৰ মেছিতকৈ ভাল ফুটবল খেলুৱৈ।

পেলেই এক অনুষ্ঠানত কৈছিল, “সকলোৱে মেছিৰ বিষয়ে কথা পাতি আছে। তেওঁ এজন তাৰকা। কিন্তু যদি মেছি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হ’ব লাগে, তেন্তে প্ৰথমে তেওঁ নেইমাৰৰ তুলনাত ভাল হ’ব লাগিব”।

কিন্তু আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাৰ পিছত পেলেই মেছিৰ প্ৰশংসা কৰে। চিকিৎসালয়ৰ পৰা তেওঁ ছ’চিয়েল মিডিয়াত লিখিছিল, “আন কালৰ দৰেই ফুটবলে ইয়াৰ কাহিনী কোৱা অব্যাহত ৰাখিছে। এক অতি আকৰ্ষণীয় কাহিনী কৈছে ফুটবলে। মেছিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জিকিছে। তেওঁৰ ফুটবলৰ যি সময় তাত এয়া যোগ্য আছিল। অভিনন্দন আৰ্জেণ্টিনা। ডিয়েগো মাৰাডোনা এতিয়া নিশ্চয় হাঁহি আছে”। তেওঁ লিখনিৰ সৈতে মেছিৰ আনন্দৰ এখন ছবিও দিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply