নিউজ ডেস্ক: মণিপুৰত শাম কটা নাই হিংসাৰ দাবানল। মণিপুৰৰ বিষ্ণুপুৰ জিলাত বৃহস্পতিবাৰে নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত হোৱা গুলীচালনাত মণিপুৰ আৰক্ষীৰ এজন কমাণ্ডো নিহত হোৱাৰ লগতে আন ৫ জন আহত হয়।

বিষ্ণুপুৰ জিলাত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে তেওঁলোকৰ দলটোক এম্বুছ কৰাৰ ফলত কনিষ্টবল এইচ জিতেনৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন আৰক্ষী আহত হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

আহতসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে অৱগত কৰে। অতিৰিক্ত বাহিনীয়ে আক্ৰমণকাৰীক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।

ইপিনে, হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি আৰু অধিক উন্নত হোৱাৰ লগতে অশান্ত চুৰাচান্দপুৰকে ধৰি ১৬খন জিলাৰ ভিতৰত ১১খন জিলাত সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে।

ইম্ফল পশ্চিমকে ধৰি অধিক স্থানত সান্ধ্য আইন শিথিল কৰাৰ বিপৰীতে সেনা আৰু কেন্দ্ৰীয় বাহিনীয়ে অৱশ্যে স্পৰ্শকাতৰ অঞ্চলত সতৰ্কতা অব্যাহত ৰাখিছে। সেইদৰে, ১৩ মে’লৈকে স্থগিত থাকিব মোবাইল ইন্টাৰনেট সেৱা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply