নিউজ ডেস্কঃ আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই গোলাঘাট জিলাখনৰ যোগ্য কৃষকসকল যাতে “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি” অভিলাষী আঁচনিখনৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, সেয়া পূৰ্ণ নিশ্চিত কৰাৰ লক্ষ্যৰে জিলাখনৰ কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষি বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। লগতে “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি” আঁচনিখনৰ ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ সবিশেষ পৰ্যালোচনা কৰে।
মন্ত্ৰী গৰাকীয়ে, জিলাখনৰ সকলো যোগ্য কৃষকক এই আঁচনিখনৰ অধীনৰ চতুৰ্দশ কিস্তি লাভ কৰাৰ নিশ্চিত কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বৈঠকত বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে।
লগতে, শেহতীয়াকৈ বৰষুণৰ পৰিমাণ কম হোৱাৰ পৰিপ্ৰেক্ষিতত যাতে সময়মতে কঠীয়াৰ বীজ সিঁচাত জিলাখনৰ কৃষকসকলে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে প্ৰয়োজনীয় জলসিঞ্চন ব্যৱস্থাৰে শীঘ্ৰেই কমিউনিটী নাৰ্ছাৰী স্থাপনেৰে কৃষকসকলক সকাহ দিবলৈ বৈঠকত বিষয়াসকলক নিৰ্দেশ দিয়ে।
ইয়াৰোপৰি, জিলাখনত “ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন- তৈল খেজুৰ” (NMEO-OP) অভিলাষী আঁচনিখনৰ ৰূপায়ণৰ দায়িত্বপ্ৰাপ্ত “পতঞ্জলি ফুড লিমিটেড”ৰ প্ৰতিনিধিৰ সৈতে কৃষি বিষয়াসকলক সমন্বয় ৰক্ষা কৰি জিলাখনত আঁচনিখনৰ ৰূপায়ণৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াই নিবলৈও মন্ত্ৰী বৰাই নিৰ্দেশ দিয়ে।
তদুপৰি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, মিলেট মিছন আঁচনিকে ধৰি বিভিন্ন কল্যাণকামী কৃষি আঁচনিৰ সাম্প্ৰতিক স্থিতি তথা ধান, সৰিয়হ ক্ৰয়ৰ স্থিতি, কৃষি সম্পৰ্কীয় যন্ত্ৰৰ বিতৰণ আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ বৈঠকত বিস্তৃতভাৱে আলোচনা কৰে।
আজিৰ বৈঠকত গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত (কৃষি)দামোদৰ বৰ্মন, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা প্ৰমুখ্যে মহকুমা কৃষি বিষয়াসকল আৰু জিলাখনৰ কৃষি বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক – বোকাখাত মহকুমাত “আয়ুষ্মান অসম কাৰ্ড” বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভণি