নিউজ ডেস্ক- আজি ডিব্ৰুগড় জিলাৰ টিংখাঙ সমষ্টিৰ অন্তৰ্গত লেঙেৰী আদৰ্শ চিকিৎসালয়ত অত্যাধুনিক এক্স-ৰে মেচিন উদ্বোধন কৰে মন্ত্ৰী বিমল বৰাই।

 উল্লেখ্য যে টিংখাঙ সমষ্টিৰ বৃহত্তৰ লেঙেৰী অঞ্চলত অৱস্থিত লেঙেৰী আদৰ্শ চিকিৎসালয়ত এটা অত্যাধুনিক এক্স-ৰে মেচিনৰ অভাৱত অঞ্চল বাসী জীয়াতু ভুগিব লগা হৈছিল। আজি উক্ত অত্যাধুনিক মেচিনৰ সহায়ত অঞ্চল বাসীৰ লগতে চিকিৎসালয় কতৃপক্ষৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হব।

মন্ত্ৰী বিমল বড়াই উল্লেখ কৰে যে, যদিও আদৰ্শ চিকিৎসালয় খন চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া যদিও যথেষ্ট সংখ্যক মেচিনৰ বাবে চিকিৎসাৰ বাবে হেঙাৰ হৈ উঠিছে। এই অভাৱ সমূহ দুৰ কৰি এক পূৰ্ণাংগ চিকিৎসালয় গঢ়ি তোলা হব।

লগতে তেওঁ পৰিচালনা সমিতিৰ বিষয়ববীয়া, চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ সৈতে এক পৰ্যালোচনাতো অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply