নিউজ ডেস্ক- গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত সপ্তাহজোৰা দিব্য কলা মেলা ২০২৩ৰ দ্বিতীয় দিনটোত দিব্য কলা শক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰ আৰু অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাই। দিব্য কলা মেলাৰ আয়োজন কৰিছে প্ৰতিবন্ধী ব্যক্তি(দিব্যাংগজন)ৰ সবলীকৰণ বিভাগে। সন্ধিয়া অনুষ্ঠিত উক্ত অনুষ্ঠানটোত মন্ত্ৰীদ্বয়ে উপস্থিত শিল্পী আৰু উদ্যোগীসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু বিভিন্ন ষ্টল পৰিদৰ্শন কৰে।

সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। ১১ মে’ত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতিমা ভৌমিক আৰু অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাই এই মেলা উদ্বোধন কৰে।   

এই মেলাত ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ১০০গৰাকী দিব্যাংগ কাৰিকৰ, শিল্পী আৰু উদ্যোগীয়ে তেওঁলোকৰ সা-সামগ্ৰী আৰু দক্ষতা প্ৰদৰ্শন কৰে। প্ৰদৰ্শনীখনত গৃহসজ্জা আৰু জীৱনশৈলীৰ সামগ্ৰী, কাপোৰ, ষ্টেচনেৰী, পৰিৱেশ-অনুকূল সামগ্ৰী, পেকেটযুক্ত খাদ্য, জৈৱিক সামগ্ৰী, পুতলা, উপহাৰ, ব্যক্তিগত আনুসংগিক সামগ্ৰী যেনে গহনা আৰু মোনা আদি সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিপণনৰ ব্যৱস্থা আছিল। দৰ্শনাৰ্থীসকলে এই সামগ্ৰীবোৰ প্ৰত্যক্ষ কৰিবলৈ আৰু ক্ৰয় কৰাৰ সুযোগ লাভ কৰে, যিবোৰ সামগ্ৰী দিব্যাংগ কাৰিকৰ, শিল্পীসকলে তেওঁলোকৰ দুৰ্বাৰ সংকল্প আৰু নিখুঁত দৃঢ়তাৰে তৈয়াৰ কৰিছে।

৭ দিনীয়া ‘দিব্য কলা মেলা’ পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি থাকিব। এই মেলাত দৰ্শনাৰ্থীসকলে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান চাব পাৰিব। এই অনুষ্ঠানত দিব্যাংগ শিল্পীৰ লগতে প্ৰখ্যাত পেছাদাৰী শিল্পীয়েও সকলৰ প্ৰদৰ্শন। ইয়াৰ উপৰিও, দৰ্শনাৰ্থীসকলে দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ উপভোগ কৰাৰ সুযোগ লাভ কৰিছে। দৰ্শনাৰ্থীসকলে কেৱল অনুষ্ঠান উপভোগ কৰাই নহয়, দিব্যাংগ উদ্যোগীসকলক উৎসাহ আৰু সহযোগ আগবঢ়াব বুলি আশা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply