আমিনগাঁও : আজি আমিনগাঁওস্থিত সংহত উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্রী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, জিলাৰ বিধায়কদ্বয় ক্রমে ভৱেশ কলিতা, নন্দিতা দাসৰ উপস্থিতিত অনুষ্ঠিত হােৱা জিলা দুর্যোগ প্রাধিকৰণৰ তৃতীয়খন বৈঠকত শেহতীয়া বানপানীৰ ফলত জিলাখনত হােৱা ব্যক্তিগত তথা প্রতিষ্ঠানগত আন্তঃগাঁথনি সমূহৰ সামগ্রিক ক্ষয়-ক্ষতিৰ প্ৰস্তাৱ সমূহৰ পর্যালােচনা কৰাৰ উপৰি নীতিগত ভাৱে এই সমূহত অনুমােদন জনােৱা হয়। বৈঠকৰ আৰম্ভণিতে জিলা উপায়ুক্ত কৈলাশ কার্তিক এনে যােৱা ১ জুলাই তথা ৮ জুলাইত অনুষ্ঠিত হােৱা জিলা দুর্যোগ প্রাধিকৰণৰ বৈঠকত প্রায় ৮০ শতাংশ প্রস্তাৱত নীতিগত অনুমােদন জনােৱাৰ উপৰি আজিৰ বৈঠকত বাকী থকা প্রায় ২০ শতাংশ ক্ষয়-ক্ষতিৰ প্ৰস্তাৱৰ অনুমােদন জনােৱা হব বুলি কয়।

উপায়ুক্ত গৰাকীয়ে বানত ক্ষতিগ্রস্ত গৃহৰ তালিকা ৰাজহুৱা স্থানত জনসাধাৰণৰ জ্ঞাতার্থে আৰি দিয়া, ওজৰ-আপত্তি দাখিলৰ বাবে ড্রপ বক্স স্থাপনৰ বাবে লােৱা পদক্ষেপৰ বিষয়েও অভিভাৱক মন্ত্ৰী গৰাকীক অৱগত কৰে। তেওঁ লগতে বানাক্ৰান্ত সর্বমুঠ ৮৭৯৯ টা পৰিয়ালক বাচন-বৰ্তন তথা কাপােৰ ক্ৰয়ৰ শিতানত ৩৮০০ টকাকৈ ইতিমধ্যে প্রদান কৰা, জিলাখনৰ বানত ক্ষতিগ্রস্ত ২২০৪ গৰাকী ছাত্ৰ-ছাত্ৰীক ১০০০ টকাকৈ প্ৰদানৰ তালিকা প্রস্তুত কৰি চৰকাৰৰ ওচৰত দাখিলৰ প্রক্রিয়া ইত্যাদি বিষয়েও অৱগত কৰে।

বৈঠকত জিলাখত সাম্প্রতিক বানত ক্ষতিগ্রস্ত কৃষক, শষ্য ভূমি, মীনপালন ক্ষেত্ৰৰ ক্ষয়ক্ষতি তথা অন্যান্য প্রতিষ্ঠানৰ সামগ্রিক ক্ষয়-ক্ষতিৰ সৱিশেষ সামৰি এক প্রেজেন্টেশ্যন প্রদান কৰা হয়।বৈঠকত বক্তব্য প্রদান কৰি পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্রী তথা জিলাখনৰ অভিভাৱক মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে পশু ৰােগৰ প্রাদুর্ভাৱ হােৱা অঞ্চল সমূহত পশু চিকিৎসা শিৱিৰ তাৎক্ষণিকভাৱে আয়ােজন কৰাৰ পদক্ষেপ লবলৈ পশু চিকিৎসা বিভাগক নির্দেশ দিয়াৰ উপৰি কৃষক সকললৈ উপযুক্ত কঠিয়া প্রদানৰ পদক্ষেপৰ অগ্রগতিৰে বুজ লয়।

লগতে পঢ়ক –  দৰং জিলাৰ বিভিন্ন অঞ্চলত চোৱাই ফ্লুৰ আতংক

মন্ত্ৰী গৰাকীয়ে লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ পৰা বানাক্রান্ত অঞ্চল সমূহত অনুষ্ঠিত কৰা স্বাস্থ্য শিবিৰ সমূহৰ বিষয়েও বুজ লয়। মন্ত্ৰী গৰাকীয়ে কামৰূপ জিলাত ক’ভিডৰ সময়ৰে পৰা সাম্প্রতিক বান পৰিস্থিতি মােকাবিলা কৰাৰ দিশত উপায়ুক্ত কৈলাশ কার্তিক এনে লােৱা সক্রিয় ভূমিকাৰ শলাগ লয়। বৈঠকত অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গােস্বামী, চক্ৰ বিষয়া সকল, অতিৰিক্ত আয় সকলৰ উপৰি জিলাখনৰ বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়া সকলে অংশ গ্রহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply