বৰপেটা : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে নামনি অসমৰ ভৱানীপুৰ আৰু বঙাইগাঁৱৰ কেইবাটাও অঞ্চলত বান পৰিস্থিতিৰ বুজ লোৱাৰ পিছত দেওবাৰে চিৰাং, বাক্সা আৰু বৰপেটা জিলাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগে চলাই থকা খহনীয়া প্ৰতিৰোধৰ কামৰ প্ৰত্যক্ষ বুজ লয়। মন্ত্ৰী গৰাকীয়ে পুৱাৰ ভাগতে বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰয়ৰ সৈতে সমষ্টিটোৰ অন্তৰ্গত বাঘৰগাঁও আৰু ১ নং বিষ্ণুপুৰ অঞ্চলত উপস্থিত হৈ নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে হাতত লোৱা কাৰ্যপন্থা সম্পৰ্কে বুজ লয়।

ইয়াৰ পৰা পোনে পোনে মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ এলেংমাৰি অঞ্চলত উপস্থিত হৈ বেকী নদীয়ে সৃষ্টি কৰা খহনীয়াৰ বুজ লয়। অঞ্চলটোত ইতিমধ্যেই খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগৰ ফালৰ পৰা জিঅ’ বেগ সংস্থাপনৰ লগতে আন পদক্ষেপ গ্ৰহণ কৰি অহৰ্নিশে কাম কৰি থকা হৈছে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত উপস্থিত হৈ এই প্ৰতিৰোধ কাম তদাৰক কৰি বিভাগীয় বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। পাছবেলালৈ মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি বৰপেটা জিলাৰ ঐতিহাসিক বৰপেটা সত্ৰত উপস্থিত হৈ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে।

সত্ৰখনৰ কাষেৰে বৈ যোৱা হাৰিজান নৈৰ বাঢ়নী পানীৰ বানত বুৰ যোৱা সত্ৰখনৰ ভকত বৈষ্ণৱসকলৰ লগতো মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। পৰিদৰ্শনৰ সময়ত উপস্থিত স্থানীয় সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে যিখিনি অঞ্চলত বানপানী হৈছে সেই অঞ্চলসমূহত জৰুৰীকালীনভাৱে উদ্ধাৰ অভিযান আৰু সাহাৰ্য প্ৰদানৰ কাম চলি আছে। বৰপেটা সত্ৰখনক যিকোনো পৰিস্থিতিতে ৰাখিবই লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰপেটা সত্ৰখনক বানৰ পৰা বচাই ৰাখিবলৈ পৰৱৰ্তী পৰ্যায়ত যিমানখিনি কাম কৰিব লাগে সকলোখিনি ৰাজ্য চৰকাৰে কৰিব। বৰ্তমানে বানৰ প্ৰকোপত পৰা সত্ৰখনৰ ভকত বৈষ্ণৱ আৰু ৰাইজক মাত এষাৰ দিবলৈ সত্ৰখনত উপস্থিত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বাৰিষাৰ পিছতে তেঁও পুনৰ সত্ৰখনলৈ যাব আৰু পৰৱৰ্তী সময়ত কেনেদৰে, কোন ফালেদি পানী সোমাই সত্ৰখনত বানৰ সৃষ্টি হৈছে সেয়া ভালদৰে চাই উপযুক্ত প্ৰতিৰোধ ব্যৱস্থা হাতত লোৱা হ’ব।

লগতে পঢ়ক –  দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বান পৰিস্থিতিৰ বুজ ললে জিলা প্ৰশাসনে

আনহাতে ভূটানৰ কুৰিশ্বু অথবা কাৰ্বি লাংপিৰ দৰে জলবিদ্যুত প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ক্ষেত্ৰত যাতে লাহে লাহে আৰু কম কমকৈ পানী এৰি দিয়া হয় তাৰ বাবে পৰৱৰ্তী সময়ত এই বিষয়ত অধিক সচেতন হ’ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এলেংমাৰিত বেকী নদীৰ মথাউৰিত সাময়িকভাৱে মথাউৰি প্ৰতিৰোধৰ কাম চলি থকা বুলি উল্লেখ কৰি অঞ্চলটোত স্থায়ী মথাউৰি নিৰ্মাণৰ কাম নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply