বিশ্বনাথ : শনিবাৰে বিশ্বনাথ জিলাৰ পূৰ্ণাংগ জিলা ন্যায়িক ব্যৱস্থাৰ শুভাৰম্ভণি অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকে। জিলাখনত পূৰ্ণাংগ জিলা ন্যায়ালয়ৰ শুভাৰম্ভণি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি অজিৎ বৰঠাকুৰে।

অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিশ্বনাথ জিলাত পূৰ্ণ পৰ্যায়ত ন্যায়িক ব্যৱস্থাৰ আৰম্ভণিয়ে জিলাখনৰ ৰাইজক খৰতকীয়াকৈ ন্যায়ালয়ৰ সুবিধা লাভ কৰিবলৈ সক্ষম কৰি তুলিব বুলি তেঁও আশা কৰে। ভাৰতীয় গণতন্ত্ৰই দেশে-বিদেশে সমাদৃত হোৱাৰ ক্ষেত্ৰত দেশখনৰ স্বাধীন ন্যায় ব্যৱস্থাৰ অন্যতম অৰিহণা আছে বুলিও মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

লগতে পঢ়ক –  ৫০ গৰাকী মহিলাক গাড়ী চালনাৰ প্ৰশিক্ষণ

বিশ্মনাথ জিলাৰ পূৰ্ণ পৰ্যায়ৰ ন্যায়িক ব্যৱস্থাৰ আৰম্ভণি অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ নাটে, আৰক্ষী অধীক্ষক, শোণিতপুৰ জিলাৰ ন্যায়াধীশ চত্ৰ ভূষণ গগৈ, বিশ্বনাথ জিলাৰ নৱনিযুক্ত ন্যায়াধীশ যোগেশ্বৰ বৰা, বিশ্বনাথ চাৰিআলি বাৰ এচোছিয়েশ্যনৰ সভাপতি বকুল আজাদ আৰু তেজপুৰ বাৰ এচোছিয়েশ্যনৰ সভাপতি জামিনি বৈশ্যও উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply