গুৱাহাটী : দীঘলীপুখুৰীত কাৰ্গিল বিজয় দিৱসত মন্ত্ৰী পীয়ুষ হাজৰিকা। কাৰ্গিলত শ্বহীদ হোৱা অসমৰ তিনিওজন বীৰ জোৱানসহ দেশৰ সকলো বীৰ শ্বহীদক সশ্ৰদ্ধ স্মৰণ। নিজৰ জীৱন বিপদাপন্ন হ’ব পাৰে বুলি জানিও সৈনিক সকলে দেশমাতৃৰ সেৱা কৰিবলৈ আগবাঢ়ি আহে বুলি মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত ‘ষ্টেট ৱাৰ মেম’ৰিয়েল’ত সৈনিক ৱেলফেয়াৰ অসমৰ উদ্যোগত আয়োজিত কাৰ্গিল বিজয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বীৰ জোৱান সকলক স্মৰণ কৰি ‘অমৰ জোৱান’ত পূষ্পাঞ্জলি অৰ্পণ কৰে মন্ত্ৰী গৰাকীয়ে।
১৯৯৯ চনত কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুওৱা সৈনিক সকলক স্মৰণ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতীয় সেনাবাহিনীৰ অপৰিসীম ত্যাগ, কষ্ট আৰু দেশপ্ৰেমক তেওঁ শ্ৰদ্ধা কৰে আৰু এনেদৰে কাৰ্গিল বিজয় দিৱসত অংশ ল’বলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছে। অনুষ্ঠানটোত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে আৰু কয় যে পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষৰ সেনাবাহিনীৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হৈছে যে তেওঁলোকে কেতিয়াও ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ পেলাবলৈ অথবা দখল কৰিবলৈ প্ৰয়াস কৰা নাই, ভাৰতৰ সীমামূৰীয়া আন দেশত কৰাৰ দৰে ভাৰতৰ সেনাবাহিনীয়ে স্বাধীনতাৰ ৭৫ বছৰীয়া ইতিহাসত এদিনৰ বাবেও ৰাষ্ট্ৰৰ ক্ষমতাত অধিষ্ঠিত হ’বলৈ প্ৰয়াস কৰা নাই। এই বিশেষত্বৰ বাবে ভাৰতীয় সেনা সদায়ে অনন্য বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
ভাৰতে সাধাৰণতে প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থান বিচাৰে যদিও সময়ে সময়ে প্ৰতিবেশী ৰাষ্ট্ৰৰ কিছু প্ৰৰোচনামূলক কাৰ্যৰ বাবে আৰু দেশৰ অখণ্ডতা তথা সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত যুদ্ধত অৱতীৰ্ণ হ’ব লগাত পৰিছিল। এই ক্ষেত্ৰত দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে সেনাবাহিনীয়ে অপৰিসীম ত্যাগ স্বীকাৰ কৰিব লগা হৈছে বুলি উল্লেখ কৰি তেঁওলোকৰ এনে ত্যাগক মন্ত্ৰী গৰাকীয়ে শ্ৰদ্ধাৰে কৃতজ্ঞতা জনায়। আনহাতে বানপানী, ভূমিকম্প অথবা আন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেনাবাহিনীয়ে সাধাৰণ জনগণৰ সুৰক্ষাৰ বাবে আগবঢ়োৱা সেৱাৰ কথাও নিজৰ বক্তব্যত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
মন্ত্ৰী গৰাকীয়ে উপস্থিত সেনাবাহিনীৰ বৰ্তমান আৰু প্ৰাক্তন জোৱান সকলক উদ্দেশ্যি কয়, “নিজৰ জীৱন বিপদাপন্ন হ’ব পাৰে বুলি জানিও আপোনালোকে সেনাবাহিনীত যোগদান কৰিছে, যেতিয়া আমি নিশ্চিত হৈ ৰাতি বিচনাত শুই থাকো তেতিয়াও আপোনালোকে দেশমাতৃৰ সীমা ৰক্ষাৰ স্বাৰ্থত সীমান্তত কৰ্তব্য সম্পাদন কৰিছে, যাৰ বাবে মোৰ অন্তৰৰ পৰা আপোনালোকক শ্ৰদ্ধা আৰু প্ৰণিপাত জনাইছোঁ।” মন্ত্ৰী হাজৰীকাই লগতে কয় যে কাৰ্গিল যুদ্ধৰ লগতে আন সকলো সময়তে দেশৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ আহুতি দিয়া সকলো বীৰ জোৱানক তেঁও এই মঞ্চৰ পৰাই সশ্ৰদ্ধ স্মৰণ কৰিছে।
লগতে পঢ়ক – ৰাজ্যত জাপানীজ এনকেফেলাইটিছত পুনৰ দুজন লোকৰ মৃত্যু
কাৰ্গিল বিজয় দিৱস অনুষ্ঠানৰ প্ৰাৰম্ভতে মুখ্য অতিথি মন্ত্ৰী হাজৰিকাই কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা অসমৰ জোৱান উদ্ধৱ দাসৰ বীৰ মাতৃ খৰ্গেশ্বৰী দেৱী আৰু কাৰ্গিল যুদ্ধত পৰাক্ৰমেৰে অৱতীৰ্ণ হোৱা অৱসৰপ্ৰাপ্ত কৰ্ণেল দি. কে. বৰাক সম্বৰ্ধণা জ্ঞাপন কৰে। উল্লেখযোগ্য যে কাৰ্গিল যুদ্ধত অসমৰ তিনিগৰাকী বীৰ জোৱানে প্ৰাণ আহুতি দিছিল। তেঁওলোক আছিল কেপ্তেইন জিন্টু গগৈ, উদ্ধৱ দাস আৰু হবলদাৰ নাৰাইন সিংহ। ১৯৯৯ চনত কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে হোৱা প্ৰায় ৬৭ দিনীয়া এই যুদ্ধত অসমৰ তিনিজনকে ধৰি দেশৰ ৬৭৬ জন জোৱান শ্বহীদ হৈছিল। অসমৰ সৈনিক ৱেলফেৱাৰ সঞ্চালকালয়ৰ উদ্যোগত বিগত ২০১৮ চনৰে পৰা দীঘলিপুখুৰীৰ পাৰত কাৰ্গিল বিজয় দিৱস আয়োজন কৰি অহা হৈছে।