নগাঁও : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতি আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত আন্ত:ৰাষ্ট্ৰীয় যুৱ দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত নিজৰ বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই যুৱ সমাজক সঠিক দিশেৰে আগবাঢ়ি নিজৰ লগতে জাতি আৰু দেশৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।

বৰ্তমান আমাৰ দেশৰ অধিকাংশ নাগৰিকেই যুৱ প্ৰজন্মৰ বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে এনে যুৱ শক্তিৰে বিশ্বৰ উদ্ভাৱনী ক্ষেত্ৰখনত বিশেষ ভূমিকা লব পৰাকৈ আমি সক্ষম। স্বামী বিবেকানন্দৰ উদ্ধৃতিৰে মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে যুৱ শক্তিয়ে সমস্যাৰ সমাধান সদায় সিংহৰ দৰে কৰিব পাৰে। দেশৰ খেল, সংগীত আদিৰ ক্ষেত্ৰত যুৱ সমাজে সফলতাৰে ভূমিকা গ্ৰহণ কৰি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে যুৱসমাজক নিচাজাতীয় সামগ্ৰী, ড্ৰাগচ আদিৰ পৰা আঁতৰত থাকি নিজৰ উদ্ভাৱনী শক্তিক সৃষ্টিশীল কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক –  হাটশিঙিমাৰীত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

এই ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষক সমাজৰ বহুখিনি কৰনীয় আছে বুলিও মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে। ল’ৰা-ছোৱালী ড্ৰাগচআসক্ত হ’লে অথবা ভালদৰে সমাজত প্ৰতিস্থিত হ’ব নোৱাৰিলে মাক দেউতাকে কেতিয়াও শান্তি নাপায় বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে ড্ৰাগচৰ বিৰুদ্ধে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া অনাগত সময়তো অব্যাহত থাকিব। আজিৰ যুৱ দিৱসৰ অনুষ্ঠানত মন্ত্ৰীদুগৰাকীৰ লগতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডা: মনোজ কুমাৰ চৌধুৰী, অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা পমি বৰুৱা, জিলা উপায়ুক্ত তথা জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply