গুৱাহাটী : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীয়ুষ হাজৰিকাই দেওবাৰে দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত এক অনুষ্ঠানত ২০২২ বৰ্ষৰ ছাব-জুনিঅ’ৰ শাখাত টেবুল টেনিছৰ ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়ানুজ ভট্টাচাৰ্যক সম্বৰ্ধনা জনায়। অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰায় ১০ বছৰমানৰ পাছত অসমত পুনৰ টেবুল টেনিছে ইয়াৰ পূৰ্বৰ গৰিমা ঘূৰাই পাবলৈ সক্ষম হৈছে।

এসময়ত এই খেলবিধত অসমৰ খেলুৱৈয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰাত অসমৰ ক্ৰীড়াক্ষেত্ৰখন পুনৰ উজ্জীৱিত হৈ পৰিছে। আনহাতে অসম টেবুল টেনিছ সন্থাৰ উদ্যোগত দেওবাৰৰ পৰা অসমত কলিকতাৰ প্ৰশিক্ষক শুভ্ৰজিত সাহাৰ তত্বাৱধানত এক প্ৰশিক্ষণ কাৰ্যসূচীৰো আৰম্ভ হোৱা বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

লগতে পঢ়ক –  Horoscope:আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যক শুভেচ্ছা জনোৱাৰ লগতে অসম টেবুল টেনিছ সন্থাৰ তৰফৰ পৰা দুই লাখ টকাৰ চেক প্ৰদান কৰে। লগতে তেওঁ অনাগত সময়ত অসমৰ খেলুৱৈ সকলে দেশ বিদেশত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে। আনহাতে অনাগত সময়ত অসমৰ টেবুল টেনিছ ক্ষেত্ৰখনক অধিক উজ্জীৱিত কৰিবৰ বাবে চীন দেশৰ পৰাও প্ৰশিক্ষক অনাৰ পৰিকল্পনা থকা বুলিও মন্ত্ৰী পীয়ুষ হাজৰিকাই উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply