তেজপুৰ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলাৰ বালিপাৰাত অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা আঞ্চলিক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে। অসম দলক নেতৃত্ব দিয়া মন্ত্ৰী পীযুষ হাজৰীকাই অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰিৱেশ, বন, জলসম্পদ, ক্ৰীড়া আদি বিভাগৰ মন্ত্ৰী মামা নাটুঙৰ নেতৃত্বত অহা দলটিৰ সৈতে বৈঠকত অংশ লৈ অসমৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ সৈতে থকা অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ সীমা সমস্যাৰ ওপৰত আলোচনা কৰে।

আলোচনাকালত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অহা ২ আৰু ৩ চেপ্তেম্বৰত দুয়োখন ৰাজ্যৰ দল দুটাই বিবাদমান অঞ্চল কেইটা পৰিভ্ৰমণ কৰি ক্ষেত্ৰ অধ্যয়নৰ পাছত এটা প্ৰতিবেদন প্ৰস্তুত কৰিব। সীমা সমস্যাৰ স্থায়ী সমাধানৰ অবিহনে সীমা অঞ্চলত বসবাস কৰি থকা লোকসকলৰ সামগ্ৰিক উন্নয়ন সম্ভৱপৰ নহয় বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ।হাজৰীকাই কয় যে প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াসৰ ফলত ৰাজ্য দুখনৰ মাজত থকা সীমা সমস্যাই সমাধানৰ মুখ দেখিবলৈ গৈ আছে। আনহাতে সীমা অঞ্চল কেইটা ভ্ৰমণ কৰি স্থানীয় বাসিন্দাসকলৰ সম্পূৰ্ণ মতামত লৈহে প্ৰতিবেদন প্ৰস্তুত কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে জোৰ দিয়ে।

আলোচনাত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙে শান্তিপূৰ্ণ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ উদ্যোগ লোৱাৰ বাবে দুয়োখন ৰাজ্যৰে মুখ্যমন্ত্ৰী দুগৰাকীক ধন্যবাদ জনোৱাৰ লগতে অসমক জ্যেষ্ঠ ভাতৃৰ দায়িত্ব গ্ৰহণ কৰি অঞ্চলটোক আগোৱাই নিয়াৰ ক্ষেত্ৰত সবল ভূমিকা ল’বলৈ আহ্বান জনায়।।পাছত সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসমক অৰুণাচলৰ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ ভাতৃৰ সন্মান দিয়াত তেঁও যথেষ্ট গৌৰৱ অনুভৱ কৰিছে আৰু ৰাজ্য দুখনৰ মাজত দীঘলীয়া সময় ধৰি থকা সীমা সমস্যা শীঘ্ৰে সমাধান হ’ব বুলি তেঁও বিশ্বাস কৰে। নামচাইত আলোচনাকালত ইতিমধ্যেই বহুকেইটা বিবদমান অঞ্চলৰ সমাধান হৈ গৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অহা ২ আৰু ৩ চেপ্তেম্বৰত তেঁও অৰুণাচলৰ মন্ত্ৰীগৰাকী আৰু আন প্ৰতিনিধিসকলৰ সৈতে সীমা অঞ্চল ভ্ৰমণ কৰি স্থানীয় ব্যক্তিসকলৰ মতামত গ্ৰহণ কৰিব। তেঁওলোকৰ মতামত লৈহে সমিতিৰ প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

লগতে পঢ়ক – আইপিএছ ৰমনদীপ কৌৰক গোলাঘাটৰ আৰক্ষী অধীক্ষক হিচাপে বদলি

উল্লেখযোগ্য যে অসমৰ বিশ্বনাথ জিলা আৰু অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ সীমান্তৱৰ্তী দিকালমুখ, বালিচ’, দিপিক আৰু পাচ’ এই চাৰিখন গাঁৱত বৰ্তমানে সীমা সংক্ৰান্তীয় সমস্যা আছে। শেহতীয়াকৈ অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত সীমা সমস্যা সমাধানৰ বাবে অৰুণাচলৰ নামচাইত এখন চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ আধাৰত ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে কেইবাখনো আঞ্চলিক সমিতি গঠন কৰি দিয়া হৈছিল। অহা ১৫ চেপ্তেম্বৰৰ ভিতৰত এই সমিতিসমূহে দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত অসমৰ প্ৰতিনিধি দলত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে সাংসদ পল্লৱ লোচন দাস, বিধায়কত্ৰয় প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু আৰু কৃষ্ণ কমল তাঁতী, অসম চৰকাৰৰ জ্যেষ্ঠ সচিব আকাশদ্বীপ, শোণিতপুৰ-বিশ্বনাথৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল থকাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি দলত মন্ত্ৰী মামা নাটুঙৰ লগতে বিধায়ক বিয়ুৰাম ৱাগে, চৰকাৰৰ উচ্চ পদস্ত বিষয়া আৰু পাকে কিচাং জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষক উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply