মৰিগাঁও : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক অনুষ্ঠানত বিগত বানত ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ সাহায্য প্ৰদান কৰাৰ লগতে জিলাখনত অৰুণোদয় মাহৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। বিগত বানপানীত সম্পূৰ্ণ ঘৰৰ ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ সাতটা পৰিয়াললৈ চৰকাৰৰ ৯৫১০০/- টকাকৈ সাহায্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে বানপানী হৈ যোৱাৰ ইমান কম সময়তে এনেদৰে সাহায্য প্ৰদান কৰাটো হৈছে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কৃতিত্ব।

মন্ত্ৰী গৰাকীয়ে কয়, “মোৰ ২৫ বছৰীয়া ৰাজহুৱা জীৱনত বানপানী হৈ থকা অৱস্থাতে ক্ষতিগ্ৰস্তক বাচন বৰ্তন তথা কাপোৰ কিনিবলৈ সাহায্য প্ৰদান কৰা, কিতাপ বহী কিনিবলৈ ছাত্ৰ-ছাত্ৰীলৈ আৰ্থিক সাহায্য আগবঢ়োৱা আৰু বানৰ ইমান কম সময়ৰ ভিতৰত পুনৰ সংস্থাপনৰ বাবে খৰটকীয়াকৈ সাহায্য প্ৰদান কৰা প্ৰথমবাৰলৈ দেখিবলৈ পাইছো।” উল্লেখযোগ্য যে মৰিগাঁও জিলাত বিগত বানত সাতটা পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে ক্ষতি হোৱাৰ লগতে ৭২৪০ টা পৰিয়ালৰ ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। সম্পূৰ্ণকৈ ঘৰ ক্ষতি হোৱা পৰিয়াললৈ ৯৫১০০/- টকাকৈ আৰু আংশিকভাৱে ক্ষতি হোৱা কেঁচা আৰু পকা ঘৰৰ পৰিয়াললৈ ক্ৰমে ৩২০০/- আৰু ৫২০০/- টকাকৈ সাহায্য আগবঢ়োৱা হৈছে।

মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে জলসম্পদ বিভাগৰ মন্ত্ৰী হোৱাৰ পাছৰে পৰা তেঁও মৰিগাঁও জিলাখনক বানৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰি আহিছে। চলিত বৰ্ষত লাহৰিঘাটত ১৪.৫ কিল’মিটাৰ মথাউৰি নিৰ্মাণ কৰি জিলাখনত বহু পৰিমাণে বানৰ প্ৰকোপ হ্ৰাস কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে। আনহাতে আজিৰে পৰা ৰাজ্যখনত আৰম্ভ হোৱা অৰুণোদয় মাহ মৰিগাঁও জিলাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে অসমৰ ইতিহাসত অৰুণোদয় আঁচনিখন সফলতম আঁচনি বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে এই অৰুণোদয় মাহৰ সময়খিনিত মৰিগাঁও জিলাত অৰুণোদয় হিতাধিকাৰীৰ পৰীক্ষণৰ বাবে ৩৬২ জন সদস্যৰ ১৮১ টা দল অৰু ৯০ জন চৰকাৰী পৰ্যবেক্ষক ব্যস্ত থাকিব।

লগতে পঢ়ক – কাগজ কলৰ ৬৬ গৰাকীৰ নিযুক্তিত কেবিনেটৰ অনুমোদন

জিলাখনত বৰ্তমানে ৫৯,৪৩০ গৰাকী অৰুণোদয় হিতাধিকাৰী আছে। আজিৰ অনুষ্ঠানতে মন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ চৰকাৰখনে মৰিগাঁও জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে হাতত লোৱা কাম সমূহৰো খতিয়ান দিয়ে। অহা এক ডেৰ মাহৰ ভিতৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে জাগীভকত গাঁৱৰ দলং নিৰ্মাণৰ বাবেও প্ৰয়োজনীয় সকলো কাম ইতিমধ্যে হৈ গৈছে। বিগত সময়ত বিভাগীয় তৎপৰতাৰে জিলাখনত প্ৰায় ৮০ শতাংশ বানপানী হ্ৰাস কৰা হৈছে বুলিও মন্ত্ৰী গৰকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী গৰাকীৰ সবল নেতৃত্বত অসমে দেশৰ পাঁচখন উন্নত ৰাজ্যলৈ পৰ্যবসিত হ’বলৈ সক্ষম হ’ব বুলি বিশ্বাস কৰাৰ কথাও তেঁও উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply