নিউজ ডেস্ক: সোমবাৰে জাগীৰোড সমষ্টিৰ তিনিটা পঞ্চায়তত জলসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকাই শিশুসকলে শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা তিনিটা অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ।
মন্ত্ৰীগৰাকী প্ৰতিনিধিত্ব কৰা সমষ্টিৰ অন্তৰ্গত শিলচাং পঞ্চায়তত শিলচাং অংগনৱাড়ী কেন্দ্ৰ, দক্ষিণ ধৰ্মতুল পঞ্চায়তৰ শান্তিপুৰত দক্ষিণ ধৰ্মতুল অংগনৱাড়ী কেন্দ্ৰ আৰু আঁহতগুৰি পঞ্চায়তৰ অন্তৰ্গত থেকেৰাগুৰি অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।
আধাৰশিলা স্থাপন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে এই অংগনৱাড়ী কেন্দ্ৰসমূহ স্থাপন হ’লে শিশুৰ শাৰীৰিক, বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনত বিশেষ সহায় হ’ব। অংগনৱাড়ী কেন্দ্ৰসমূহত আগবঢ়োৱা শিক্ষাৰ ভেটিয়েই পৰবৰ্তী সময়ত শৈক্ষিক ক্ষেত্ৰখনত নতুন প্রজন্মক বিশেষভাৱে আগবঢ়াই লৈ যাব পাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী অভিভাৱককে এইক্ষেত্ৰত সচেতন হ’বলৈ আহ্বান জনায়।