গুৱাহাটী : ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ত উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰে এক আলোচনাত মিলিত হয়। মন্ত্ৰী গৰাকীয়ে আলোচনাকালত উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সভাপতি আকাশ কুমাৰ আৰু সম্পাদক গোবিন সোনাৰৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰাজি সম্পৰ্কে বুজ লয়।

তেওঁলোকে মন্ত্ৰী গৰাকীক ৰাজ্য চৰকাৰে ৰাজ্যখনত এক লাখ পদত নিযুক্তিৰ বাবে হাতত লোৱা ব্যৱস্থাৱলীৰ অন্তৰ্গত দিব্যাংগ সকলৰ বাবে সংৰক্ষিত পদত যোগ্য প্ৰাৰ্থীক নিযুক্তি, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত বিভিন্ন জিলাত দৃষ্টিহীন সকলৰ বাবে খালী থকা ঘোষকৰ পদসমূহ শীঘ্ৰে পূৰণ, যোৰহাট দৃষ্টিহীন বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি ছপা কৰাৰ বাবে ব্ৰেইলী ছপাশাল স্থাপন কৰাৰ দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায়।

সন্থাই লগতে ৰাজ্যখনত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰথম মানৰ পৰা দশম মান পৰ্যন্ত ব্ৰেইলী পাঠ্যপুথিৰ সুবিধা উপলব্ধ আছে যদিও উচ্চতৰ মাধ্যমিকৰ পৰা পৰৱৰ্তী পৰ্যায়ত এনে পাঠ্যপুথিৰ সুবিধা নথকাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা অসুবিধাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে আৰু যোৰহাট দৃষ্টিহীন বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ আৰু দিব্যাংগসকলৰ বাবে ডিব্ৰুগড়ৰ লেপেটকটাত নিৰ্মাণৰত অৱস্থাত থকা প্ৰশিক্ষণ কেন্দ্ৰটিৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰি তাত দৃষ্টিহীনসকলৰ বাবেও বিভিন্ন বৃত্তিত প্ৰশিক্ষণৰ দিশত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

লগতে পঢ়ক –  মহানগৰীত অঘটন: ব্ৰহ্মপুত্ৰত ডুবিল এজন কিশোৰ

মন্ত্ৰী পীযুষ হাজৰীকাই আলোচনাকালত এক লাখ পদত নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্গত দিব্যাংগ সকলৰ বাবে সংৰক্ষিত পদত যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে তথা সন্থাৰ দ্বাৰা উত্থাপিত কেউটা বিষয়ত অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply