গুৱাহাটী : ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ বিভাগীয় মুৰব্বী বিষয়াৰে বৈঠক। ভগ্ন মথাউৰিৰ অস্থায়ী মেৰামতিৰ লগতে স্থায়ী প্ৰতিৰোধৰ বাবে এতিয়াৰ পৰাই জৰীপ আদিৰ কাম আৰম্ভ কৰাৰ বাবে বিভাগীয় বিষয়া সকলক নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাচী, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা তথা আন মুৰব্বী বিষয়া সকলৰ সৈতে ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ে এখন বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়াৰ পৰা ৰাজ্যখনত বানত ভাঙি যোৱা আৰু আন ধৰণেৰে ক্ষতিগ্ৰস্ত হোৱা মথাউৰি সমূহৰ বিষয়ে বুজ লয় আৰু ভাঙি যোৱা মথাউৰিসমূহৰ জৰুৰী মেৰামতিৰ বাবে গ্ৰহণ কৰা অস্থায়ী ব্যৱস্থাসমূহৰ খতিয়ান লয়।

মন্ত্ৰী গৰাকীয়ে শেহতীয়া বানত ক্ষতি হোৱা জিলা সমূহলৈ নিয়মিত ৰূপত পুঁজি আৰু মথাউৰি মেৰামতিৰ সামগ্ৰী সমূহৰ যোগান ধৰা বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰি বিভাগীয় বিষয়াক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকতে মন্ত্ৰী গৰাকীয়ে মথাউৰিৰ ভঙা অংশ সমূহত খৰালিৰ সময়ত স্থায়ী কাম কৰিবৰ বাবে এতিয়াৰ পৰাই জৰীপ, প্ৰাককলন প্ৰস্তুত আদি প্ৰাথমিক কামসমূহ আৰম্ভ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

লগতে পঢ়ক – ১৬ খন গাড়ীৰে বানাক্ৰান্ত ৰাইজলৈ প্রদেশ কংগ্ৰেছৰ সাহায্য সামগ্রী প্ৰেৰণ

আনহাতে মথাউৰি নিৰ্মাণ তথা বান নিয়ন্ত্ৰণৰ বাবে থকা বিভাগীয় কাম সমূহ খৰতকীয়া কৰাৰ বাবে প্ৰয়োজন হোৱা প্ৰশাসনীয় সংস্কাৰৰ বিষয়তো বিষদভাৱে আলোচনা কৰি মন্ত্ৰী গৰাকীয়ে বিভাগক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষপ হাতত লবলৈ নিৰ্দেশ দিয়ে। শেহতীয়া বানত ক্ষতি হোৱা মথাউৰি সমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে বিভাগক ৰাজ্যখনৰ মথাউৰি সমূহ কিদৰে আৰু সবল কৰি তুলিব পৰা যায় সেই বিষয়ত চিন্তা চৰ্চা কৰিবলৈও বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply