গুৱাহাটী : অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা। নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ সমাজৰ প্ৰতিজন নাগৰিককে সচেতন কৰি তুলিবই লাগিব বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ লয়। গৃহ বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগৰ বিষয়া, শৈক্ষিক প্ৰতিষ্ঠানৰ মুৰব্বী আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি উপস্থিত থকা বিশেষ আলোচনাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে কয় যে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আমাৰ সমাজৰ প্ৰতিগৰাকী নাগৰিককে, বিশেষকৈ অভিভাৱকসকলক সজাগ কৰি তুলিবই লাগিব।

ৰাজ্যখনৰ গ্ৰাম্যসমাজত এতিয়াও বহুলোকে অবৈধ ড্ৰাগছৰ বিষয়ে বিশেষ জ্ঞাত নহয় বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে শৈক্ষিক প্ৰতিষ্ঠানৰ পৰিচালনাৰ লগত জড়িত ব্যক্তিসকল আৰু শিক্ষকসকলেও এই ক্ষেত্ৰত সজাগ ভূমিকা গ্ৰহণ কৰিলেহে আমাৰ সমাজৰ পৰা অবৈধ ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰব্য ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হ’ব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। আনহাতে আলোচনাতে ৰাজ্যখনত বেচৰকাৰী সংস্থাসমূহে চলাই থকা নিচামুক্তি কেন্দ্ৰসমূহৰ নিয়ন্ত্ৰণৰ বাবে কিছু নীতি নিৰ্দেশনাৰ প্ৰস্তুত কৰাৰ বিষয়টো আলোচনা কৰা হয়। এই ক্ষেত্ৰত চৰকাৰী নীতি নিৰ্দেশনাসমূহে নিচামুক্তি কেন্দ্ৰ চলাই থকা বেচৰকাৰী সংস্থাসমূহক কাম কৰাৰ ক্ষেত্ৰত সহযোগিতাহে আগবঢ়াব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উঠি অহা প্ৰজন্মক অবৈধ ড্ৰাগছৰ দৰে বৰবিহৰ হাতোৰাৰ পৰা আঁতৰাই ৰাখি সকলোয়ে মিলি একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি মন্ত্ৰী হাজৰীকাই কয় যে চৰকাৰ, আৰক্ষী, অভিভাৱক, শিক্ষক, বেচৰকাৰী সংস্থা তথা সমাজৰ প্ৰতিজন নাগৰিকৰ সজাগতা আৰু সন্মিলিত প্ৰচেষ্টাইহে এখন অবৈধ ড্ৰাগছ মুক্ত অসম, ভাৰত তথা অবৈধ ড্ৰাগচমুক্ত পৃথিৱী গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

লগতে পঢ়ক – HS result-2022: বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

অনুষ্ঠানৰ শেষত উপস্থিত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে আলোচনা ধুনীয়া আৰু ফলপ্ৰসূ হোৱা বুলি উল্লেখ কৰি এই আলোচনাত অংশ লৈ অত্যন্ত সুখী হোৱা বুলি প্ৰকাশ কৰে আৰু আগলৈও এনেধৰণৰ ফলপ্ৰসূ আলোচনাত অংশ লবলৈ আগ্ৰহী বুলি উল্লেখ কৰে। বিগত ১৩ মহীয়া কাৰ্যকালত বৰ্তমানৰ চৰকাৰখনৰ গৃহ বিভাগে অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু দেশৰ জনসাধাৰণৰ স্বাৰ্থত চৰকাৰৰ এনে নীতি অনাগত সময়তো বাহাল থাকিব বুলি প্ৰকাশ কৰে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সভাগৃহত অনুষ্ঠিত আলোচনাত মন্ত্ৰীগৰাকীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অভিনাশ পি ডি যোশী, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু, অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণাৰ লগতে আন বহুকেইটা বিভাগৰ বিষয়া, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক, কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ, বেচৰকাৰী সংস্থাৰ বিষয়ববীয়া, চিকিৎসক আৰু সাংবাদিকে অংশ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply